• অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

    আঞ্চলিক
    অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

    গুৱাহাটী : অসম আৰক্ষীৰ প্ৰাক্তন আই পি এছ বিষয়া, বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু ঘটিছে। আজি পুৱা ৪:৩০ বজাত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হয় ‘নেমকেয়াৰ হাস্পতাল’ত। ইতিমধ্যে চিকিৎসালয়ৰপৰা বেলতলাৰ বাসগৃহলৈ নিয়া হৈছে নশ্বৰ দেহ৷ নৱগ্ৰহ স্মশানত কৰা হ’ব ভট্টাচাৰ্যৰ শেষকৃত্য।





    আৰু পঢ়িব পাৰিব : ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক





    ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত দীৰ্ঘদিন ধৰি তেওঁ হাওঁফাওঁৰ সমস্যাত ভুগি আছিল। ১৯৫৮ বেটছৰ আই পি এছ বিষয়া আছিল ভট্টাচাৰ্য৷ লগতে অসম আন্দোলনৰ অনন্য ব্যক্তিত্ব আছিল আৰু আন্দোলনক সমৰ্থন কৰাৰ বাবে কাৰাবাস পৰ্যন্ত খাতিছিল ভট্টাচাৰ্যই৷





    আৰু পঢ়িব পাৰিব : ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ ত্যাগ দুধনৈৰ জোৱান





    ইয়াৰ উপৰি তেওঁ নিবন্ধ লেখক, প্ৰখৰ বক্তা হিচাপেও সুপৰিচিত আছিল৷ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে ভট্টাচাৰ্যই৷ বাংলাদেশক স্বাধীন কৰা ক্ষেত্ৰত অসমত মুক্তিবাহিনীৰ প্ৰশিক্ষণ দিছিল আৰু তাৰ বাবে ২০১৩ চনত বাংলাদেশ চৰকাৰে প্ৰদান কৰিছিল ‘FRIENDS OF LIBERATION WAR HONOUR বঁটা’৷