Sports
হাইলাকান্দি : অসম-মিজোৰামৰ সীমা সমস্যা সমাধানৰ বাবে বিভিন্ন আলোচনা অনুষ্ঠিত হৈ থকাৰ সময়তে পুনৰ মিজোৰামে দখল কৰিছে অসমৰ মাটি। অসমৰ মাটিত পথ নিৰ্মাণৰ চেষ্টা চলাইছে মিজোৱে। ইয়াৰ পাছতে পুনৰ অসম-মিজো সমস্যাই অধিক তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকাৰ সৃষ্টি হৈছে আৰু ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
হাইলাকান্দিৰ সাহেবমৰা পকোঁৱাপুঞ্জীত মিজোৱে ইতিমধ্যে জেচিবিৰে পথ নিৰ্মাণ কৰি থকা দেখা গৈছে৷ কেৱল এয়াই নহয় নিশাৰ ভাগত বোমাৰে এখন প্ৰাথমিক বিদ্যালয় উৰুৱাই দিয়া বুলিও জানিব পৰা গৈছে৷ এই সময়ছোৱাত একাংশ মিজো দুৰ্বৃত্তই হাতত অস্ত্ৰ লৈ পহৰা দিয়া আলোকচিত্ৰ ইতিমধ্যে ভাইৰেল হৈছে৷
ইফালে, সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাতলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰে অতি সোনকালে এই বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাইছে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ৰাজ্যিক মন্ত্ৰী অশোক সিংঘালক৷
Leave A Comment