• আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ

    আঞ্চলিক
    আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ

    মিৰ্জা : আজিৰে পৰা আৰম্ভ হৈছে চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰকৃতিৰ ৰাণী স্বৰূপ চানডুবিৰ বাকৰিত বিগত বছৰসমূহৰ দৰে এইবেলিও আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই চানডুবি উৎসৱ।





    আৰু পঢ়িব পাৰিব :ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল’মিটাৰ পদযাত্ৰা যুৱকৰ





    প্ৰতিবছৰৰ দৰে এইবেলিও ৰাভা ছাত্র সন্থাৰ উদ্যোগত তথা স্হানীয় ৰাইজৰ সহযোগত ১পৰা ৪ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ। এই চানডুবি উৎসৱৰ শুভ উদ্বোধন কৰিলে ৰাভা হাছাঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। প্ৰথম দিনাখনে পৰ্যটকৰে ভৰি পৰিল চানডুবিৰ বাকৰি।





    আৰু পঢ়িব পাৰিব :ক’ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ





    বাঁহ, বেত, খেৰ আদি থলুৱা সামগ্ৰীৰে সাজি উলিওৱা বিভিন্ন চাংও ঘৰ, টংঙি ঘৰে আকৰ্ষণ কৰিলে পৰ্যটকক। এই চানডুবি উৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ নৃত্য-গীত সমূহ প্ৰদৰ্শন কৰা হয়। লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলে বিভিন্ন জনজাতীয় পৰাম্পৰাগত থলুৱা খাদ্যৰ জুতি লয়। আনহাতে কোনোৱে চানডুবি বিলৰ বক্ষত নৌকা বিহাৰ কৰি আনন্দ লৈছে।