• আজি অগপই ঘোষণা কৰিব বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা

    আঞ্চলিক
    আজি অগপই ঘোষণা কৰিব বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা

    গুৱাহাটী : আজি অগপই ঘোষণা কৰিব বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা৷ শনিবাৰে দিল্লীত মিত্ৰদল বিজেপিৰে হোৱা বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে অগপৰ সভাপতি অতুল বৰাই৷ আনহাতে কালিয়েই দিল্লীৰ পৰা উভতিছে অতুল বৰা আৰু কেশৱ মহন্ত৷





    আৰু পঢ়িব পাৰিব : ৪০ টকা গ’ল, ৮০ লাখ আহিলঃ বংগৰ শ্ৰমিকৰ কপাল ফুলিল





    দেওবাৰে পুৱা ১১ বজাত সংবাদমেল সম্বোধন কৰি বুলিও প্ৰকাশ অগপৰ৷ মিত্ৰজোঁটত অগপৰ আসন বুজাবুজি চূড়ান্ত হৈছে বুলি জানিব পৰা গৈছে৷ ইপিনে সমষ্টি হেৰুওৱা কেইবা ঠাইতো বিদ্ৰোহ অগপ কৰ্মীৰ৷ তথ্য অনুসৰি বিজেপিয়ে অগপক এৰি দিছে ২৬খন আসন৷





    আৰু পঢ়িব পাৰিব : ইনিংছ ব্যৱধানত পৰাস্ত ইংলেণ্ড, ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰত





    লখিমপুৰত অগপৰ প্ৰাৰ্থী হ’ব উত্পল দত্ত৷ লখিমপুৰ সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা অগপ-বিজেপিৰ৷ বিজেপিৰ মানৱ ডেকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা দত্তৰ৷ নিশা বৈঠকৰ অন্তত দত্তই জনালে সাংবাদিকক৷