• আনৰ জীৱন ৰক্ষা কৰি পঞ্চভূতত বিলীন ইন্দ্ৰেশ্বৰ বৰা

    আঞ্চলিক
    আনৰ জীৱন ৰক্ষা কৰি পঞ্চভূতত বিলীন ইন্দ্ৰেশ্বৰ বৰা

    লখিমপুৰ : এক চৰম শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন হ'ল নিমাতীৰ নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ৷ দুৰ্ঘটনাত সন্ধানহীন ইন্দ্ৰেশ্বৰৰ মৃতদেহ তিনিটা দিন অতিক্ৰম কৰাৰ পাছত আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱাৰ পাছত সন্ধিয়া লখিমপুৰৰ ৰামপুৰস্থিত স্বগৃহলৈ অনা হয়৷





    স্বগৃহত পোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ৷ ৰাইজে অশ্ৰসিক্ত নয়নেৰে চিতাত তোলে শিক্ষক ইন্দ্ৰেশ্বৰ মৃতদেহ৷ ভটিজাই মুখাগ্নি কৰাৰ পাছতে পঞ্চভূতত বিলীন হয় ইন্দ্ৰেশ্বৰ বৰাৰ নশ্বৰদেহ৷





    উল্লেখ্য যে বিয়লিৰ ভাগত মন্ত্রী ৰনোজ পেগু,সাংসদ প্ৰদান বৰুৱা, জিলাৰ উপায়ুক্ত আদিও তেওঁৰ ঘৰত উপস্থিত হৈ প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালত সংস্থাপনৰ ব্যৱস্থা কৰাৰ উপৰিও লখিমপুৰৰ বিভিন্ন নদীৰ ওপৰত দলং নিৰ্মাণ প্ৰক্ৰিয়া ত্বৰাম্বিত কৰাৰ আশ্বাস দিয়ে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor