National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
ৱেম্বলীঃ ২০০৬চনৰ বিশ্বকাপ বিজয়ী ইটালীৰ স্থিতাৱস্থাক লৈ প্ৰশ্ন উঠিছিল ফুটবল ইতিহাসত। পৰৱৰ্তী সময়ত একাংশ গুৰুত্বপূৰ্ণ খেলত বিপৰ্যস্ত হ’বলগীয়া হৈছিল ইটালী। বিশ্ব চেম্পিয়ন দলটোৰ ক্ৰমাগত বিপৰ্যয়ৰ পাছত ৰবাৰ্টো মানচিনিৰ হাতত অৰ্পণ কৰা হয় ইটালীৰ ভৱিষ্যত। ৰবাৰ্টো মানচিনিৰ আগমনে ইটালীক সমৃদ্ধ কৰিছিল। ইটালীৰ উদয়াচলত এতিয়া এটাই নাম মানচিনি!মানচিনি! আন্তৰ্জাতিক খেলৰ পৰা জিৰ্জিয়অ’ কেলিনিৰ দৰে বুত্পযত্তিসম্পন্ন খেলুৱৈয়ে অৱসৰ ঘোষণা কৰাৰ পাছতো তেওঁক দললৈ প্ৰত্যাৱৰ্তন কৰাব পৰাটো আছিল মানচিনিৰ বৃহৎ সাফল্য। গুপুত স্বপ্নই সাকাৰ ৰূপ লাভ কৰাৰ এয়া আছিল মানচিনিৰ প্ৰথমটো খোজ। পৰৱৰ্তী সময়ত ডমিনিক’ ভেৰাট্টী, বেলাউটী, ব’নুচ্চি, জৰ্জিনিঅ, পেনিনজ’লাৰ দৰে তাৰকা ফুটবলাৰক লৈ বিধ্বস্ত ইটালীৰ পুনৰ্গঠনৰ বাবে সাজু হৈ উঠিছিল মানচিনি। ড’নাৰুমাৰ দৰে বিশ্বস্ত গ’লৰক্ষকৰ অভিষেকে ইটালীৰ ভেটি সুদৃঢ় কৰিছিল। সেইবাবে মানচিনি অনন্য, অপ্ৰতিৰোধ্য।
উল্লেখ্য যে, ইটালীয়ে দশমবাৰৰ বাবে গুৰুত্বপূৰ্ণ টুৰ্ণামে্টৰ ফাইনেল খেলিছে। অৰ্থাৎ ৬বাৰ বিশ্বকাপ আৰু ৪বাৰ ইউৰো কাপত দলটোৱে বিপক্ষ খেলুৱৈৰ সৈতে অৱতীৰ্ণ হৈছে। ইউৰোপিয়ান দেশসমূহৰ ভিতৰত কেৱল জাৰ্মানীয়ে ইটালীতকৈ অধিক ফাইনেলত অৱতীৰ্ণ হৈছে। ১৯৬৮চনত ইটালীয়ে ইউৰো কাপ জয় কৰিছিল। কিন্তু ২০০০ আৰু ২০০২ চনত ফাইনেলত প্ৰতিনিধিত্ব কৰিও বিজয়গাথা ৰচিব পৰা নাছিল ইটালীয়ে।
সদ্যসমাপ্ত খেলখনতো পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ সন্দেহ অধিক ঘণীভূত হৈছিল। খেলৰ ২মিনিটতে তড়িত্ গতিৰে লিউক শ্ব’ই ইটালীৰ দুৰ্গত কঁপনি তোলোতে ধাৰণা কৰা হৈছিল পুনৰ নিৰ্বাপিত হ’ব নেকি ইটালীৰ ইউৰো জয়ৰ স্বপ্ন! কিন্তু মানচিনিৰ ৰণকৌশলে সকলোকে স্তম্ভিত কৰিলে। কেলিনি আৰু বুনুচ্চিৰ দৰে বৰ্ষীয়ান খেলুৱৈৰ অভিজ্ঞতাই ইটালীক ১-১গ’লৰ সমতা আনি দিলে। উদ্বিগ্ন ইটালীয়ান অনুৰাগীৰ মুখত খেলৰ ৬৭মিনিটত যি হাঁহি বিৰিঙি উঠিছিল সেয়া স্থায়ী হৈ ৰ’ল ইতিহাসৰ পাতত। অতীতৰ দুঃসময়ৰ কালিমা মোহাৰি ইটালীয়ে দেখা নতুন দিনৰ স্বপ্নই বাস্তৱ ৰূপ পালে। ৰবাৰ্টো মানচিনিৰ লক্ষ্য আগন্তুক ফিফা বিশ্বকাপ! উত্থান-পতনৰ এই ৰোমাঞ্চেই ফুটবলক সমৃদ্ধ কৰি আহিছে দশকৰ পাছত দশক জুৰি।
Leave A Comment