comScore
  • ইংৰাজ সমৰ্থকৰ অভব্য আচৰণত ক্ষুদ্ধ সমগ্ৰ বিশ্ব

    আঞ্চলিক
    ইংৰাজ সমৰ্থকৰ অভব্য আচৰণত ক্ষুদ্ধ সমগ্ৰ বিশ্ব

    লৰ্ডছঃ আৰম্ভণিৰেপৰা বিতৰ্কৰ শিৰোনাম দখল কৰিছে চলিত লৰ্ডছ টেষ্টে। ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত ইংৰাজ অনুৰাগীসকলৰ দ্বাৰা ভাৰতীয় ক্ৰিকেট দলটো অস্বস্তিত ভুগিছে। ইংৰাজ সমৰ্থকৰ নেতিবাচক ব্যৱহাৰত অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। শেহতীয়াকৈ, বীয়েৰৰ সাফৰ নিক্ষেপ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে।





    জানিবলৈ পোৱা মতে, ভাৰতীয় তাৰকা অপেনাৰ কে এল ৰাহুলে শনিবাৰে লৰ্ডছত চলি থকা টেষ্টৰ তৃতীয় দিনা বাউণ্ডেৰীৰ কাষত ফিল্ডিং কৰি আছিল। ভাৰতীয় পেচাৰ মহম্মদ ছামীয়ে ইনিংছৰ ৬৯সংখ্যক অ’ভাৰত বলিং কৰি আছিল। ইংলেণ্ডৰ অধিনায়ক জ’ ৰুট সেই সময়ত ষ্ট্ৰাইকত আছিল। তেতিয়াই সংঘটিত হৈছিল অনাকাংশিত ঘটনাতো। ইংৰাজ সমৰ্থকসকলে ৰাহুলক লক্ষ্য কৰি গেলেৰীৰ পৰা কেইবাটাও চেম্পেইনৰ বটলৰ সাফৰ নিক্ষেপ কৰিছিল।





    ৰাহুলে ইংৰাজ সমৰ্থকৰ পৰা এনে আচৰণ আশা কৰা নাছিল। তেওঁ লগে লগে অধিনায়ক বিৰাট কোহলীক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। ভাৰতীয় অধিনায়কজনে ৰাহুলক সেই সাফৰবোৰ পুনৰ গেলেৰীলৈ দলিয়াই দিবলৈ কৈছিল। অধিনায়কে কোৱাৰ দৰে তেওঁ গেলেৰীত এটা মুখা দলিয়াই দিছিল। সম্প্ৰতি ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছে ইংৰাজ অনুৰাগীসকলে।





    সভ্য দেশৰ নাগৰিক বুলি পৰিচয় দিয়া দেশখনৰ অভব্য আচৰণে হতচকিত কৰি তুলিছে সকলোকে।
    উল্লেখ্য যে, কে এল ৰাহুলৰ ১২৯ ৰাণেৰে ভাৰতে প্ৰথম ইনিংছত ৩৬৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত বেটিং কৰি ইংলেণ্ডে অধিনায়ক জ’ৰুটৰ অপৰাজিত ১৮০ৰাণত ২৭ ৰাণৰ অগ্ৰগতি লাভ কৰি ৩৯১ ৰাণ সংগ্ৰহ কৰিছে।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam