• উত্তপ্ত সীমান্ত ! মিজোৰ গুলীত আহত অসম আৰক্ষীৰ জোৱান

    আঞ্চলিক
    উত্তপ্ত সীমান্ত ! মিজোৰ গুলীত আহত অসম আৰক্ষীৰ জোৱান

    গুৱাহাটী : অসম–মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত পুনৰ সংঘাত। দুয়োখন ৰাজ্যৰ সীমান্তত ভূমি বিবাদক লৈ দীৰ্ঘদিনে চলি আছে সংঘাত। সোমবাৰে পুনৰ কাছাৰৰ সীমান্তত সংঘটিত হ’ল আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা। মিজো দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ লগতে ভাঙিলে কাছাৰৰ উপায়ুক্তৰ গাড়ী। 





    অস্ত্ৰধাৰী মিজো যুৱকৰ গুলীত আহত হৈছে অসম আৰক্ষীৰ জোৱানো। অসমৰ ভূমিৰ পৰা মিজোক খেদাৰ চেষ্টা কৰিছিল অসম আৰক্ষীয়ে। সেই সময়তে সংঘটিত হয় গুলীয়াগুলীৰ এই ঘটনা। ঘটনাস্থলীত উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অৱশ্যে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ ভাষ্য ভিন্ন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি দোষ ঠেলিলে অসমলৈহে। 





    মিজো দম্পত্তীক আক্ৰমণ কৰি অসম-মিজোৰাম সীমান্তত লুটপাত চলোৱাৰ অভিযোগ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ। গুলীয়াগুলীৰ সমগ্ৰ দৃশ্য বন্দী হৈছে প্ৰাগ নিউজৰ কেমেৰাত। উল্লেখ্য যে, সীমা বিবাদক কেন্দ্ৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতো প্ৰতিদিনেই সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে।





    ইতিমধ্যে সীমান্তত উপস্থিত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক , জিলা উপায়ুক্তসহ বহু শীৰ্ষ বিষয়া৷ বাতৰি লিখা সময়লৈ এই সংঘৰ্ষত অসম আৰক্ষীৰ কেইবাজনো জোৱান আহত হোৱাৰ খবৰ আহি পৰিছে৷ যিকোনো সময়ত মিজোৰামক প্ৰত্তুত্যৰ দিয়াৰ বাবে অসম আৰক্ষী সাজু বুলি আমাৰ সাংবাদিকক জানিবলৈ দিছে বিষয়াসকলে।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor