ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
গুৱাহাটী : চৰকাৰী নিৰ্দেশনা অনুসৰি আজিৰে পৰা ৰাজ্যত খুলিছে বিদ্যালয়সমূহ৷ সুদীৰ্ঘ ১০ মাহৰ মূৰত আজিৰে পৰা খোল খালে বিদ্যালয়সমূহ৷ প্ৰথমৰ পৰা ৫ম শ্ৰেণীলৈ হ’ব নিয়মীয়া পাঠদান৷ এদিন এৰি এদিনকৈ হ’ব পাঠদান৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহয়৷ প্ৰয়োজন সাপেক্ষে চলি থাকিব অনলাইন ক্লাছো৷
আৰু পঢ়িব পাৰিব : স্কুলবেগত পিষ্টল: সহপাঠীৰ গুলীত শ্ৰেণীকোঠাতে ঢলি পৰিল ছাত্ৰ
ইপিনে প্ৰথম , দ্বিতীয়, তৃতীয় শ্ৰেণীৰ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে হ'ব পাঠদান। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে হ'ব পাঠদান। প্ৰথম দিনটোতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা দেখা গ'ল।
আৰু পঢ়িব পাৰিব : ক’ভিডে জুৰুলা কৰা ২০২০ৰ শেষৰ দিনটোত এটা সু-খবৰ: বাঢ়িছে আৰোগ্যৰ হাৰ
ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা যদিও সম্পূৰ্ণ ক'ভিড বিধি মানি প্ৰতিখন বিদ্যালয়ত আৰম্ভ হৈছে পাঠদান। ১০ মাহৰ বিৰতিৰ অন্তত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক লগ পাই উৎফুল্লিত শিক্ষক-শিক্ষয়িত্ৰীসকল। পুৱা ৯ বজাৰ পৰা ১:৪৫ বজালৈ পাঠদান চলিব ৷
Leave A Comment