• কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে

    আঞ্চলিক
    কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে

    গুৱাহাটী : ৰাজ্যৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত৷ ইজনৰ পাছত সিজনকৈ কংগ্ৰেছ নেতাই দলত্যাগ কৰাক লৈ এতিয়া বিমোৰত কংগ্ৰেছ দল৷ বৰাক উপত্যাকাৰ কংগ্ৰেছৰ অন্যতম বলিষ্ঠ নেত্ৰী সুস্মিতা দেৱে ত্যাগ কৰিলে দল৷





    সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে দলত্যাগ কৰাৰ পাছতে এতিয়া বৰাকত কংগ্ৰেছ দলৰ অস্তিত্ব প্ৰায় শংকতত আহি পৰিছে৷ ইপিনে টুইটাৰ প্ৰফাইলতো দেৱে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী বুলি উল্লেখ কৰিছে৷





    ইতিমধ্যে ছোনিয়া গান্ধীলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে সুস্মিতা দেৱে৷  কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ৷ অৱশ্যে পত্ৰত পদত্যাগৰ কোনো কাৰণ উল্লেখ কৰা নাই বুলি জানিব পৰা গৈছে৷