• কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু মহিলাৰ

    আঞ্চলিক
    কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু মহিলাৰ

    নগাঁওঃ কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত নলতলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা। কোনো অচিনাকি বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ।





    আৰু পঢ়িব পাৰিব : অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ২০গৰাকী ষ্টাৰ কেম্পেইনাৰে





    পুৱা চুলুং বজাৰলৈ যোৱা কোনো লোকে প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহটো। তাৰ পাছতে চুলুং আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় দুৰ্ঘটনাস্থলীত। মৃত মহিলাগৰাকীৰ ঘৰ কলিয়াবৰৰ শিৱস্থানত বুলি জানিব পৰা গৈছে।





    আৰু পঢ়িব পাৰিব : বিতৰ্কিত বিজেপি নেত্ৰী দিপাঞ্জলী কাকতীৰ জামিন





    খবৰ অনুসৰি মহিলাগৰাকী আছিল মানসিক ৰোগী। পুৱতিনিশাই নলতলীত থকা ভনিয়েকৰ ঘৰৰ পৰা পিন্ধনত এখন শাৰী আৰু এটা কাপোৰৰ টোপোলা লৈ ওলাই আহিছিল ৰাজপথলৈ।