Lifestyle
কোকৰাঝাৰঃ বিটিআৰৰ অন্তৰ্গত চিৰাং জিলাৰ বিস্তৃৰ্ণ অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা ৪২গৰাকী কিশোৰ-কিশোৰীক আৰক্ষীয়ে চিকিমৰপৰা উদ্ধাৰ কৰি শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৈতে সাক্ষাৎ কৰাৰ পাছত নিশা কটকটীয়া আৰক্ষী-বেষ্টনীত গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ অনা হৈছে৷
ইতিমধ্যে কোকৰাঝাৰলৈ অনা ৪২ গৰাকী অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ কিশোৰ-কিশোৰীক ৪/৫ দিনৰ বাবে আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীত চহৰৰ প্ৰশান্তি ল’জত ৰখা হৈছে৷ অৱশ্যে উদ্ধাৰিত আটাইকেইগৰাকী কিশোৰ-কিশোৰীক কোকৰাঝাৰ চহৰৰ প্ৰশান্তি ল’জত থকা-খোৱাৰ তদাৰক কৰি আছে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে৷
মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰিত দলটিত আছে ২৪জন কিশোৰ আৰু ১৬গৰাকী কিশোৰীৰ লগতে দুগৰাকী নাবালিকাও আছে৷ উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰিত কিশোৰ-কিশোৰীক অহা ৪/৫ দিনৰ ভিতৰত তেওঁৰ উপস্থিতিত সংশ্লিষ্ট অভিভাৱকসকলক সাক্ষাৎ কৰি সমস্যাৰ বুজ লৈ সন্তান সকলক হস্তান্তৰ কৰিব বুলি জনাইছে গৌতম দাসে৷
Leave A Comment