comScore
  • ক্ৰীড়াক্ষেত্ৰৰ সোণালী দিন ধাৰা অব্যাহত : কিক্ বক্সিঙত উজলিল অসম

    আঞ্চলিক
    ক্ৰীড়াক্ষেত্ৰৰ সোণালী দিন ধাৰা অব্যাহত : কিক্ বক্সিঙত উজলিল অসম

    গুৱাহাটী : অলিম্পিকত অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইৰ পদক জয়ৰ পাছতে ক্ৰীড়াক্ষেত্ৰত উৎসাহ দুগুণে বাঢ়িছে অসমৰ খেলুৱৈৰ। হিমা দাস, লাভলীনা হোৱাৰ বাটেৰে নিজ নিজ ক্ৰীড়া ক্ষেত্ৰত এতিয়া সৰ্বোচ্চ উজাৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ মন বহুতৰে।





    যোৱা ২৭ৰ পৰা ২৯আগষ্টলৈ গোৱাত অনুষ্ঠিত হৈছিল ৰাষ্ট্রীয় ছিনিয়ৰ কিক বক্সিং প্ৰতিযোগিতা। দেশৰ কেইবাখনো ৰাজ্যই অংশ লোৱা প্ৰতিযোগিতাখনত ৪টা সোণ, ৫ টা ৰূপ, ৩ টা ব্ৰঞ্জসহ প্ৰতিযোগিতাত মুঠ ১২ টা পদক অৰ্জন কৰে অসমৰ খেলুৱৈয়ে।





    স্বাভাৱিকতে এই প্ৰদৰ্শনে উৎসাহিত কৰিছে অসমৰ দলটোৰ সৈতে জড়িত প্ৰশিক্ষকৰ লগতে সকলো ক্ৰীড়াপ্ৰেমিক। প্ৰতিযোগিতা শেষ কৰি স্বদেশলৈ সুনাম কঢ়িয়াই উভতি আহিল ১৬০জনীয়া খেলুৱৈ দলসহ অসম দলটোৰ নেতৃত্ব দিয়া সন্থাৰ বিষয়ববীয়া৷ আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা খেলসমুহৰ প্ৰস্তুতিৰ বাবে চৰকাৰলৈ সহায়ৰ আহ্বান জনায়৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam