• কৰ'নাৰ প্ৰমাণ-পত্ৰক লৈ সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি: গ্ৰেপ্তাৰ ২

    আঞ্চলিক
    কৰ'নাৰ প্ৰমাণ-পত্ৰক লৈ সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি: গ্ৰেপ্তাৰ ২

    গুৱাহাটী: মহামাৰী কৰ'নাৰ সংক্ৰমণৰ প্ৰমাণ-পত্ৰক লৈ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি৷ ধনৰ বিনিময়ত ক'ভিড নিগেটিভৰ চাৰ্টিফিকেট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুই যুৱক৷ গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক অভিজিত শৰ্মাৰ এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই যুৱকক।

    গুৱাহাটী মেডিকেল কলেজৰ পৰা গ্ৰেপ্তাৰ কৰে অলক দাস নামৰ এজনক৷ অলক দাস গুৱাহাটী মেডিকেল কলেজৰ অস্থায়ী টেকনেচিয়ান৷ ধৃত টেকনেচিয়ানৰ স্বীকাৰোক্তিৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে নুনমাটিৰ গুৱাহাটী শোধানাগাৰ হাস্পাতালৰ পৰা আন এজন টেকনেচিয়ানক গ্ৰেপ্তাৰ কৰে।

    ধৃত টেকনেচিয়ানজন হৈছে অভিজিত দাস। এই চক্ৰটোৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷ ভঙাগড় থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।