Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
শিৱসাগৰ: আপুনি ডাকঘৰৰ যোগেদি আপোনজনলৈ সা-সামগ্ৰী প্ৰেৰণ কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰে পৰা সাৱধান হওক। কিয়নো আপুনি ডাকযোগে প্ৰেৰণ কৰা সামগ্ৰী আপোনাৰ প্ৰিয়জনৰ হাতত নপৰিবও পাৰে! গন্তব্যস্থান পোৱাৰ পূৰ্বেই আধাবাটতে সামগ্রী হ'ব পাৰে সলনি! এনে এক ঘটনাই পোহৰলৈ আহিছে শিৱসাগৰ জিলাত। ধাই আলিৰ নিবাসী ৰফিউল ওমন খান নামৰ ব্যক্তি এজনে এনে এক অভিযোগ লৈ কাষ চাপিছে শিৱসাগৰ প্ৰধান ডাকঘৰ কৰ্তৃপক্ষৰ ওচৰত।
ৰফিউলৰ অভিযোগ অনুসৰি, বিগত ১৭ আগষ্টত তেওঁৰ ভগ্নীয়ে ডাকযোগে দিল্লীৰ পৰা ৫-১০ হাজাৰ টকাৰ মূল্যৰ কেতবোৰ সামগ্ৰী প্ৰেৰণ কৰিছিল। কিন্তু শুকুৰবাৰে সেই সামগ্ৰী পেকেট খুলি হতবাক হৈ পৰে ৰফিউল। কাৰণ তেওঁৰ ভগ্নীয়ে ডাকযোগে পঠিওৱা সামগ্ৰীৰ পৰিৱৰ্তে ওলাইছে ব্যৱহাৰ কৰা ফটা-চিটা কাপোৰৰ টোপোলাহে। লগে লগে এই বিষয়টো ৰফিউলে শিৱসাগৰ ডাকঘৰৰ পোষ্ট মাষ্টৰক লিখিতভাৱে অৱগত কৰে।
ইপিনে ডাকঘৰৰ বিষয়াই বিগত কিছুদিনৰ পৰা এনেধৰণৰ কেইবাটাও অভিযোগ লাভ কৰা বুলি সদৰী কৰাৰ লগতে তদন্তৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে। এনে ঘটনাই ডাক ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা সকলকো স্বাভাৱিকতে বিমোৰত পেলাইছে।
Leave A Comment