• চন্দ্ৰপুৰৰ বিনন্দীয়া পৰিৱেশক ধ্বংস নকৰিবলৈ আহ্বান ৰাইজৰ

    আঞ্চলিক
    চন্দ্ৰপুৰৰ বিনন্দীয়া পৰিৱেশক ধ্বংস নকৰিবলৈ আহ্বান ৰাইজৰ

    গুৱাহাটীঃ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবীত কৰা প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীৰ লাঠীচালনাক ধিক্কাৰ সচেতন মহলৰ। গুৱাহাটী ক্লাব ৰ’টাৰীত এছ এফ আই, ডি ৱাই এফ আই, চি আই টি ইউ আৰু নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলন কৰি থকা স্থানীয় জনতাৰ ওপৰত কালি পুলিচে কৰা নিৰ্মম লাঠিচালনাৰ ঘটনাক ধিক্কাৰ জনাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

    পুলিচ নিৰ্যাতনৰ পৰিৱৰ্তে গণতান্ত্ৰিক আন্দোলনক সন্মান জনাই ৰাইজৰ দাবী মানি ল'বলৈ দাবী কৰিছে। গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিব বিচৰা চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ এনে দমনমূলক কাৰ্য গণতান্ত্ৰিক দেশৰ নাগৰিকৰ বাবে দুৰ্ভাগ্যজনক বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য প্ৰকাশ কৰিছে।