• ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ

    আঞ্চলিক
    ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ

    গুৱাহাটী : ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি বিপদত লেখিকা শিখা শৰ্মা৷ অৱশেষত ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে৷ দিছপুৰ আৰক্ষীয়ে সোধা-পোচৰ কাৰণে দিছপুৰ থানালৈ মাতে শিখাক । ইপিনে দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল দুগৰাকী অধিবক্তাই৷





    আৰু পঢ়িব পাৰিব : ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা





    অভিযোগ অনুসৰি, ছত্তীশগড়ৰ ছহিদৰ সন্দৰ্ভত কৰিছিল অপমানজনক মন্তব্য আগবঢ়াইছিল লেখিকাগৰাকীয়ে৷ অধিবক্তা উমী ডেকা বৰুৱা আৰু কংকনা গোস্বামীয়ে ইয়াৰ সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ৷ শেহতীয়াকৈ ফেচবুকত শ্বহীদ হোৱা ২৩ জন নিৰাপত্তাৰক্ষী জোৱানৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা বিৰূপ মন্তব্যৰ বাবে ৰুজু কৰিলে এই গোচৰ৷





    আৰু পঢ়িব পাৰিব : উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ





    ভৱিষ্যতে আৰু এনেকুৱা মন্তব্য নকৰিবলৈ আহ্বান অধিবক্তাদ্বয়ৰ৷ ইয়াৰ পূৱেও বহু কেইটা বিতৰ্কৰ মাজত সোমাই পৰিছিল লেখিকা গৰাকী। বৰ্তমান দিশপুৰ থানাত আছে শিখা শৰ্মা।