• ছাউথীৰ ওপৰত ক্ষুদ্ধ, মৰ্গানলৈও চোঁচা! খেলপথাৰত হুলস্থূল কাণ্ড অশ্বিনৰ

    আঞ্চলিক

    নতুন দিল্লীঃ প্লে’ অফৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাত্‍ উত্তেজনা বৃদ্ধি পাইছে আইপিএলৰ। আৰচিবি বনাম মুম্বাইৰ মাজত অনুষ্ঠিত মেচত খেলুৱৈসকলে একাধিকবাৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা দেখা গৈছিল। এইবাৰ দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত খেলত ৰবিচন্দ্ৰন অশ্বিনেৰে কলকাতাৰ টীম ছাউথী-ইয়ন মৰ্গানেৰ টক্কৰ। দিল্লীৰ ইনিংছৰ অন্তিম অভাৰত সংঘটিত হৈছিল ঘটনাটো। সেইসময়ত ছাউথীৰ হাতত বল আৰু অশ্বিনৰ হাতত আছিল বেট।

    ছাউথীৰ শ্ল’ শ্বৰ্ট বলটো ডিপ স্কোৱেৰ লেগত মাৰি পঠিয়াইছিল অশ্বিনে। ফিল্ডিঙত আছিল নীতিশ ৰানা। ৰাণাই কেচটো লক কৰাৰ পাছতে স্বাভাৱিকতে উল্লসিত হৈ পৰিছিল টীম ছাউথী। অশ্বিনক ইতিকিং কৰি ছাউথীয়ে কিবা কোৱাও দেখা গৈছিল। ছাউথীৰ ব্যৱহাৰত ক্ষুদ্ধ হৈ পৰে অশ্বিন। ইফালে মৰ্গানেও অশ্বিনক লক্ষ্য কৰি কিবা কোৱা দেখা গৈছিল। পৰৱৰ্তী সময়ত মৰ্গানৰ চোঁচা লয় অশ্বিনে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পূৰ্বেই অৱশেষত অবুজ অশ্বিনক বুজনি দিবলৈ আগবাঢ়ি আহে দীনেশ কাৰ্তিক। উল্লেখ্য যে, ক্ৰমাগত পৰাজয়ৰ পাছতো প্লে’ অফত স্থান নিশ্চিত কৰিছে কলকাতাই। ১০ পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে কলকাতা।

    Weather Forecast