• ছাত্ৰী নিৰ্যাতন : ৫ দিনৰ অন্তত এজাহাৰ দাখিল আইআইটি কৰ্তৃপক্ষৰ

    আঞ্চলিক
    ছাত্ৰী নিৰ্যাতন : ৫ দিনৰ অন্তত এজাহাৰ দাখিল আইআইটি কৰ্তৃপক্ষৰ

    গুৱাহাটী : ‘প্ৰাগ নিউজ’ৰ বাতৰিৰ পাছতে আইআইটি কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া প্ৰকাশ ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত৷ আআইটি কাণ্ডত জড়িত থকাৰ সন্দেহত উৎসৱ কদম নামৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন চাৰিজনক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে। ৰসায়ন বিজ্ঞানৰ তৃতীয় সান্মাসিকৰ ছাত্ৰ কদম৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰাজনীতিৰ মাজতে মহানগৰীত আছুৰ প্ৰতিবাদ





    ২৮ মাৰ্চত মূমুৰ্খ অৱস্থাত উদ্ধাৰ হৈছিল বহিঃৰাজ্যৰ ছাত্ৰীগৰাকী৷ ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৫ দিনৰ অন্তত থানাত এজাহাৰ দাখিল কৰে আইআইটি কৰ্তৃপক্ষই৷ এই চাঞ্চল্যকৰ ঘটনা গাপ দিবলৈ বিচাৰিছিল আইআইটি কৰ্তৃপক্ষই৷ ‘প্ৰাগ নিউজ’-এ সম্প্ৰচাৰ কৰিছিল লুকুৱাবলৈ বিচৰা এই বাতৰিটো৷






    অৱশেষত আআইটি-এ এই ঘটনাৰ সন্দৰ্ভত প্ৰেছ বিবৃতি প্ৰেৰণ কৰিলে ‘প্ৰাগ নিউজ’লৈ৷ কৰ্তৃপক্ষৰ মতে বিগত দিনকেইটাত নিজাকৈ তদন্ত কৰিছিল এই ঘটনাৰ৷ প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ মতে সম্প্ৰতি সুস্থ ভুক্তভোগী ছাত্ৰীগৰাকী৷ আইআইটিৰ হাস্পতালে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল আৰু চিকিৎসকে যৌন নিৰ্যাতনৰ বলি হৈছিল বুলি জানিবলৈ দিয়ে।





    আৰু পঢ়িব পাৰিব : ক’ভিডৰ দ্বিতীয় ঢৌত দেশ শংকিত! প্ৰতিদিনে বৃদ্ধি আক্ৰান্ত






    এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত চলাইছে উত্তৰ গুৱাহাটীৰ আমিনগাঁও আৰক্ষীয়ে। ছাত্ৰীগৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে নিজাববীয়াকৈ আমিনগাঁও থানাত ৫৩/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু কৰিছিল গোচৰ।