• ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাবই লাগিব : মূল্যাংকন পদ্ধতিক লৈ আছুৰ প্ৰতিক্ৰিয়া

    আঞ্চলিক
    ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাবই লাগিব : মূল্যাংকন পদ্ধতিক লৈ আছুৰ প্ৰতিক্ৰিয়া

    গুৱাহাটী : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি বৃহস্পতিবাৰে শিক্ষামন্ত্ৰীয়ে জনোৱাৰ পাছতে শ্বহীদ ন্যাসত আজি আছুৱে এখন সংবাদমেলৰ আয়োজন কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সম্বোধন কৰে এই সংবাদমেল৷






    নতুন নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা মাৰ্কশ্বীট চৰকাৰী চাকৰিত গ্ৰহণ কৰা নহ'ব, চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় ছাত্ৰ সন্থাই৷ ৫ নং দফাত সন্নিৱিষ্ট বিষয়টো বাতিলৰ দাবী জনায় সংগঠনটোৱে৷ ষ্টাৰ আৰু ডিষ্টিংচন উঠাই দিয়াটো মানি নোলোৱা বুলি প্ৰকাশ কৰাৰ লগতে চিবিএছই আৰু অন্য ৰাজ্যতো ৫নং দফাৰ দৰে এনে ব্যৱস্থা ৰখা হোৱা নাই বুলিও উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে৷






    ছেবা, শিক্ষা সংসদ আৰু শিক্ষামন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা বুলি অভিযোগ কৰি চৰকাৰী চাকৰিৰ বাবে পুনৰাই বিশেষ পৰীক্ষাত বহাৰ ব্যৱস্থাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি সংগঠনটোৱে প্ৰকাশ কৰে৷ এটা পৰীক্ষা এখন মাৰ্কশ্বীট হ'ব লাগিব বুলিও সংগঠনটোৱে দাবী জনায়৷ এই সন্দৰ্ভত আছুৱে শীঘ্ৰেই চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও উল্লেখ কৰে৷ তদুপৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বছৰ বিনষ্ট হ'ব নোৱাৰিব, ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য ঠিকে থাকিব লাগিব তথা ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব লাগিব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে৷ মূল্যাংকন কমিটীয়ে দিয়া সিদ্ধান্ত মানি ল'ব নোৱাৰি বুলি উল্লেখ কৰি পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰি তথা আন সকলোকে ‘লকডাউন’ কৰি ছাত্ৰ-ছাত্ৰীক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সংগঠনটোৱে দাবী উত্থাপন কৰে৷