• ছিণ্ডিকেটৰাজ! হাইলাকান্দিত জব্দ কয়লাভৰ্তি ট্ৰাক

    আঞ্চলিক
    ছিণ্ডিকেটৰাজ! হাইলাকান্দিত জব্দ কয়লাভৰ্তি ট্ৰাক

    হাইলাকান্দিঃ মেঘালয়ৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ কৰা এন এল ০২ এল ৩৭৯৫ (NL 02 L 3795 ) নম্বৰৰ এখন ট্রাক হাইলাকান্দি আৰক্ষীয়ে জিলাৰ আয়নাখাল এলেকাৰ পৰা জব্দ কৰে৷ জব্দ হোৱা ট্ৰাকখনত নাই কয়লা সৰবৰাহ কৰাৰ কোনোধৰণৰ বৈধ নথি-পত্ৰ। লগতে ২৬টন বস্তু লৈ যাব পৰা এই ট্ৰাকখনে অবৈধভাৱে প্ৰায় ৩২ টন কয়লা লৈ গৈ আছিল।





    এই সকলো বেআইনী কাৰ্যৰ পৰিপেক্ষিতে হাইলাকান্দিৰ হাস্পতাল আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিদিব বৰাৰ নেতৃত্বত হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই নিশা জব্দ কৰে ট্ৰাকখন। জব্দ কৰি ট্ৰাকখন হাইলাকান্দি সদৰ থানালৈ লৈ যায় আৰক্ষীয়ে। লগতে হাইলাকান্দি আৰক্ষীয়ে কয়লা সৰবৰাহ কৰা ট্রাকখনৰ চালক নহিমউদ্দিন বৰভূঞাক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় দল-সংগঠনে।





    তেওঁলোকৰ মতে চৰকাৰে মুখেৰে ছিণ্ডিকেট বন্ধৰ কথা ক’লেও প্ৰকৃততে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধ ছিণ্ডিকেট। আনহাতে কয়লাভৰ্তি ট্ৰাকখনে সেই কথাই সদৰী কৰিছে। লগতে অবৈধ ট্ৰাকখন বৰাকৰ দুই জিলা কাছাৰ আৰু হাইলাকান্দিৰ বহু কেইখন থানাৰ সম্মুখেৰে কেনেকৈ পাৰ হৈ আহিবলৈ সক্ষম হ’ল, সেই প্ৰশ্নও উত্থাপন কৰিছে দল-সংগঠনে।