Regional
Chief Minister Himanta Biswa Sarma inaugurated the Assam Bhawan in Vellore, Tamil Nadu...
Digital Desk: Himanta Biswa Sarma, the Chief Minister of Assam, inaugurated the Assam Bhawan in Vellore, Tamil Nadu, on Tuesday.
According to rep
ৰপহীহাটঃ ৰূপহীহাটৰ জুৰীয়াত কুখ্যাত ডকাইত আটক কৰা হৈছে । ধৃত ডকাইতটো ধিংবড়ি চাপৰিৰ নুৰ মহম্মদ বুলি আমাৰ সাংবাদিকে জনাইছে। জিলাখনত সংঘটিত হোৱা বহুকেইটা অপৰাধজনিত ঘটনাৰ লগতে শেহতীয়াকৈ সুঁতিৰপাৰ গ্ৰাহক সেৱা কেন্দ্ৰত ধন লুটপাটত জড়িত আছিল কুখ্যাত ডকাইত নুৰ মোহম্মদ।
প্ৰায় তিনি মাহৰ পূৰ্বে সুঁতিৰপাৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুই ডকাইতে পিষ্টলেৰে গুলী ফুটাই গ্ৰাহকসেৱা কেন্দ্ৰৰ গৰাকী এলবাৰ্ট হুছেইনৰ পৰা লুটিছিল প্ৰায় ৩ লাখ টকা| আজি জুৰীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে কুখ্যাত ডকাইত নুৰ মহম্মদক।
আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
Leave A Comment