Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নতুন দিল্লীঃ শেহতীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দল পৰাজিত হ’বলগীয়া হৈছে। তাৰ পাছৰেপৰাই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী তিক্ত সমালোচনাৰ সন্মুখীন হৈছে। এনে প্ৰেক্ষাপটত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাঙ্গুলীয়ে স্ব-অভিমত প্ৰকাশ কৰিছে। কোনো ক্ৰিকেট খেলুৱৈ সফল হ’বলৈ হ’লে প্ৰথমতে তেওঁ বিশাল মঞ্চত বিশেষকৈ টেষ্ট ক্ৰিকেটত ভাল প্ৰদৰ্শন দেখুৱাব পাৰবি লাগিব বুলি জনাইছে তেওঁ।
আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : স্বপ্নাৱিষ্ট অষ্ট্ৰিয়া, কোৱাৰ্টাৰত ইটালী
প্ৰণিধানযোগ্য যে, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ ছন্দপতনৰ পাছত ক্ৰীড়া অনুৰাগীৰ তিক্ত বিতৰ্কৰ মুখামুখী হৈছে ভাৰতীয় দল। এই বিতৰ্কৰ আঁত ধৰি সভাপতিগৰাকীয়ে শৈশৱৰ স্মৃতি ৰোমন্থনেৰে ষ্টাৰ স্পৰ্টছৰ আগত সদৰী কৰে যে, ‘আমিদ সৰুতে যেতিয়া ক্ৰিকেট খেলিছিলোঁ, তেতিয়াৰ পৰাই জানিছিলোঁ যে টেষ্ট ক্ৰিকেটহে প্ৰকৃত খেল। আজিও মই এই কথাষাৰ বিশ্বাস কৰোঁ।
আৰু পঢ়িব পাৰিব : ইউৰো ২০২০ : ৱেলছৰ দুৰ্গত হম্হমনি, বিজয়ী ডেনমাৰ্ক
সেইবাবে ইয়াক টেষ্ট ক্ৰিকেট বুলি কোৱা হয়। যদি কোনো খেলুৱৈয়ে সফল হ’ব খোজে, তেনেহ’লে তেওঁ টেষ্ট ক্ৰিকেটত সফলতা অৰ্জন কৰিব পাৰিব লাগিব। নিজৰ পদচিহ্ন এটা ৰাখি যাব লাগিব। বিগত ৪০-৫০ বছৰৰ ক্ৰিকেটাৰসকলৰ তালিকাখনত চকু ফুৰালে দেখিব টেষ্ট ক্ৰিকেটত প্ৰত্যেকে ভূয়সী প্ৰশংসা আৰু দৃষ্টি আকৰ্ষক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।’উল্লেখ্য যে, আজিৰেপৰা ২৫ বছৰ পূৰ্বে আন্তৰ্জাতিক টেষ্ট ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰিছিল সৌৰভ গাঙ্গুলীয়ে। জীৱনৰ অভিষেক খেলতে তেওঁক শতক অৰ্জন কৰিছিল। লৰ্ডছত আয়োজিত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় খেলৰ তৃতীয় দিনা শতক অৰ্জন কৰিছিল ক্ৰিকেটৰ ‘মহাৰাজ’ খ্যাত সৌৰভ গাঙ্গুলীয়ে।
Leave A Comment