• ড্ৰাগছৰ হোম ডেলিভাৰী! আৰক্ষীৰ জালত দুই যুৱক

    আঞ্চলিক
    ড্ৰাগছৰ হোম ডেলিভাৰী! আৰক্ষীৰ জালত দুই যুৱক

    নগাঁও : শাক-পাচলি, কাপোৰ অথবা মাছ-মঙহৰ হোম ডেলিভাৰী কোনো নতুন কথা নহয়৷ শেহতীয়াভাৱে অসম চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থাও মুকলি কৰিছে। কিন্তু নগাঁৱত ড্ৰাগছৰ হোম ডেলিভাৰী কৰি আটক হ'ব লগা হ'ল দুই যুৱক৷ নগাঁৱৰ ডিফলুত ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ যোৱা ২ যুৱকক নিচাজাতীয় সামগ্ৰীসহ আটক কৰিলে আৰক্ষীৰ ৰাইডাৰ স্কোৱাডে।





    ফাৰুক হুছেইন আৰু ৰফিকুল ইছলাম নামৰ দুই যুৱকে এখন বাইকত ড্ৰাগছৰ হোম ডেলিভাৰী কৰিবলৈ গৈ থকা অৱস্থাতে আৰক্ষীৰ ৰাইডাৰ স্কোৱাডে আটক কৰে। এই যুৱক দুজনৰ পৰা আৰক্ষীয়ে ৩০টা কফ চিৰাপৰ বটল, ৪টা মোবাইল ফোন আৰু এখন খুকুৰিও উদ্ধাৰ কৰে।





    জানিবপৰা মতে, শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ কৰাৰ বাবে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰি এইদৰে বিভিন্ন ড্ৰাগছ আসক্তক ঘৰে ঘৰে ড্ৰাগছৰ যোগান দিয়াৰ কথা পোহৰলৈ আহিছে। নগাঁৱৰ মধুপুৰতো একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে বহু ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছৰ হোম ডেলিভাৰী দিয়াৰ কথা শেহতীয়াকৈ জানিব পৰা গৈছে।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor