• ড০ অমল ৰাজখোৱালৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১’

    আঞ্চলিক
    ড০ অমল ৰাজখোৱালৈ  ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১’

    ডিজিটেল ডেস্কঃ পৰিশীলিত, মানসম্পন্ন সাহিত্য-চৰ্চা আৰু ব্যাপ্তি, সাধনাৰ এক পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ই ১০ জানুৱাৰীত দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব৷ বিগত সময়ছোৱাত ব্যতিক্ৰমী আৰু গুৰুত্বপূৰ্ণ বহুকেইটা অনুষ্ঠানেৰে সাহিত্যৰসিকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সাহিত্য গোটটিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰতিষ্ঠা দিৱসতে আগবঢ়াব ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১’৷ লাৱন্য দত্ত হাজৰিকা আৰু বোধেশ্বৰ হাজৰিকাৰ স্মৃতিত প্ৰদান কৰিবলগীয়া এই বিশেষ বঁটাটি এইবছৰ আগবঢ়োৱা হৈছে সাহিত্যপ্ৰাণ, বিশিষ্ট লেখক, ভাষাবিদ, অনুবাদক, যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, অসম সাহিত্য সভাৰ তিনিটা কাৰ্যকালৰ প্ৰধান সম্পাদক আৰু এগৰাকী সফল সাহিত্য সংগঠক ড° অমল ৰাজখোৱাক৷





    ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড° অমল ৰাজখোৱাই ‘কটন কলেজ’ৰ পৰা স্নাতক আৰু ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘অসমীয়া উপন্যাসত সামাজিক আৰু ৰাজনৈতিক চেতনা : এক সমীক্ষাত্মক অধ্যয়ন’ - শীৰ্ষক বিষয়ত গৱেষণা কৰি পি.এইচ, ডি উপাধি লাভ কৰে। 'আদৰ্শ জীৱন সাৰথি' , 'বিশ্ব উপন্যাসৰ কথা আৰু কাহিনী' ( ২০১৭), 'শতাব্দীৰ অভিভাষণ প্ৰসংগ', 'আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা'কে আদি কৰি ৩০খনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰা ড° অমল ৰাজখোৱাই কালিদাসৰ “ ঋতুসংহাৰম্' আৰু 'চাণক্য শ্লোক' সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছে ৷ 'মিলন তীৰ্থৰ ধ্বনি', 'The cultural heritage of Northeast India'-কে আদি কৰি বহুবোৰ গ্ৰন্থ সম্পাদনা কৰাৰ লগতে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে ৰচনা কৰিছিল বহুকেইখন ব্যাকৰণ৷ উল্লেখ্য যে তেওঁৰ দ্বাৰা ৰচিত ব্যাকৰণ পুথি এতিয়াও হাইস্কুল পৰ্যায়ত পাঠ্যপুথিৰূপে প্ৰচলিত হৈ আহিছে৷






    ১৯৫৮ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত হৈ থাকি ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে তিনিটাকৈ গুৰুত্বপূৰ্ণ বছৰ জাতীয় অনুষ্ঠানটিক ডঃ ৰাজখোৱাই নেতৃত্ব দিছিল৷ তেওঁৰ সাহিত্যচৰ্চা তথা সাংগঠনিক দক্ষতাৰ বাবে সভাই 'সাহিত্যপ্ৰাণ' সন্মান, 'নেহৰু পুৰস্কাৰ', 'বৰাক বন্ধু সন্মান' লাভ কৰাৰ লগতে ২০০৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সনো লাভ কৰে৷ উল্লেখ্য যে, ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে আগবঢ়াবলগীয়া এই বঁটাটো বিগত বৰ্ষত বিশিষ্ট সাহিত্য সমালোচক তথা গৱেষক ড° দিলীপ বৰুৱাক প্ৰদান কৰা হৈছিল৷ বঁটাটিত নগদ ধন, স্মাৰক, সঁফুৰা, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু সম্বৰ্ধনা-পত্ৰ থাকিব৷ ১০ জানুৱাৰীত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ দিনটোতে বঁটা প্ৰদানৰ লগতে 'ভোগদৈপৰীয়া কবিকণ্ঠ'ৰ মুখপত্ৰখনো প্ৰকাশ পাব৷