• তালিবানী আতংক! আফগানিস্তান এৰি ভাৰত পালেহি তাৰকা ক্ৰিকেটাৰ

    আঞ্চলিক
    তালিবানী আতংক! আফগানিস্তান এৰি ভাৰত পালেহি তাৰকা ক্ৰিকেটাৰ

    মুম্বাই : তালিবানৰ আগ্ৰাসনে সমগ্ৰ বিশ্বতে আতংক আৰু উদ্বেগৰ সৃষ্টি কৰিছে। মনোৰঞ্জনৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ সকলোতে মৌলবাদী সংগঠনটোৱে আনি দিছে চৰম বাধ্য-বাধকতা। আফগান পপ তাৰকা, ক্ৰীড়াবিদে তালিবানৰ দ্বাৰা ভীত-সন্ত্ৰস্ত হৈ দেশত্যাগ কৰিছে। এইবাৰ আফগানিস্তান ত্যাগ কৰিছে এগৰাকী অষ্ট্ৰেলিয়ান পেচাৰে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ শ্বন টেটে এইবাৰ বলিং প্ৰশিক্ষক হিচাপে পুডুচেৰীত যোগদান কৰিছে। পুডুচেৰী ক্ৰিকেট সংস্থাই এই বিষয়ে সদৰী কৰে। মুখ্য প্ৰশিক্ষক তথা ফিল্ডিং প্ৰশিক্ষক দিশান্ত জাগনিক, শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক কল্পেন্দ্ৰ ঝাৰ সৈতে প্ৰশিক্ষণ গোটত নতুনকৈ সংযোজিত হৈছে শ্বন টেট।





    কেইদিনমান আগয়ে শ্বন টেটক আফগানিস্তানৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু বৰ্তমানৰ কট্টৰ মৌলবাদী তালিবানী শাসনৰ অধীনত আফগানভূমিত ক্ৰিকেটৰ অনুশীলন তথা খেল অনুষ্ঠিত কৰাক লৈ দেখা দিছে চৰম অনিশ্চয়তাই। এনে পৰিস্থিতিত টেটে পুডুচেৰীত প্ৰশিক্ষক হ'বলৈ ভাৰতলৈ উভতি আহিছে। পুডুচেৰী ক্ৰিকেট সংস্থাই জনোৱা অনুসৰি, টেটে চলিত মাহৰ শেষৰ ফালে দলটোত যোগদান কৰিব।





    অষ্ট্ৰেলিয়াৰ হৈ ৩খন টেষ্ট, ৩৫ খন এদিনীয়া আৰু ২১ খন টি-২০ খেলি থকা তাৰকাগৰাকীয়ে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। আনহাতে, ২০০৭ চনত অষ্ট্ৰেলিয়াক বিশ্ব চেম্পিয়ন কৰাত টেটৰ অৱদান আছিল গুৰুত্বপূ্ৰ্ণ। তেওঁ সম্পূৰ্ণ প্ৰতিযোগিতাখনত সৰ্বাধিক ২৩টা উইকেট দখল কৰিছিল। উল্লেখ্য যে, ডি ৰোহিতে আগন্তুক ঘৰুৱা ক্ৰিকেটত পুডুচেৰীৰ দলক নেতৃত্ব দিব। ৰঞ্জী ট্ৰফীৰ অভিজাত শ্ৰেণীত খেলাৰ উপৰি পুডুচেৰীয়ে চয়দ মুস্তাক আলী ট্ৰফী, বিজয় হাজাৰে ট্ৰফীতো খেলিব বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে।