Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
তেজপুৰ : তেজপুৰ থানাৰ অন্তৰ্গত দোলাবাৰীৰ নেৰিআলমৰ সমীপত পথ দুৰ্ঘটনাত পথচাৰীসহ নিহত হয় দুজন লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন লোক। বুধবাৰে নিশা ৮মান বজাত AS12R4143নম্বৰৰ বাইকখনৰ খুন্দাত পথচাৰী মুকতুল হুছেইন(২৮) নিহত হয়।
আৰু পঢ়িব পাৰিব : পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ
আনহাতে ঘটনা সংঘটিত কৰি বাইকখনে এটা বৈদ্যুতিক খুটাত খুন্দা মৰাৰ পাছতে বাইকখনৰ চালক ২২বছৰীয়া অভিজিত বৰা নিহত হোৱাৰ লগতে বাইকৰ আৰোহী ২২বছৰীয়া বিতু দাস গুৰুতৰভাৱে আহত হয়।
আৰু পঢ়িব পাৰিব : মোদীয়ে ল’লে কোভাক্সিনৰ দ্বিতীয়টো ড’জ !
আহত বিতু দাসক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। ইপিনে, নিহত মকতুলৰ ঘৰ দোলাবাৰীত আৰু অভিজিতৰ ঘৰ তেজপুৰ কলিবাৰীত বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
Leave A Comment