• দীৰ্ঘদিনে লাভ কৰা নাই দৰমহা! কৰ্মচাৰীৰ পানীত হাঁহনচৰা অৱস্থা

    আঞ্চলিক
    দীৰ্ঘদিনে লাভ কৰা নাই দৰমহা! কৰ্মচাৰীৰ পানীত হাঁহনচৰা অৱস্থা


    মৰিগাঁওঃ এমাহ, দুমাহ, তিনিমাহ নহয়৷ মাহৰ পাছত মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকল৷ ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণত নাই কৰ্মচাৰীৰ দৰমহা। ১৯৮৯ চনতে নগৰাঞ্চলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল ২৪খনকৈ উন্নয়ন প্ৰাধিকৰণ৷





    কিন্তু ৰাজ্য চৰকাৰে এই উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলৰ বাবে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত দীৰ্ঘদিনে দৰমহা লাভ কৰা নাই ৰাজ্যৰ প্ৰায় ৩০০গৰাকীৰো অধিক কৰ্মচাৰীয়ে। যাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ পৰিয়ালৰ ভৰণ-পোষণ, সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ভীষণ সমস্যা সন্মুখীন হৈছে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকল। তাৰে ভিতৰত অন্যতম জাগীৰোড উন্নয়নৰ প্ৰাধিকৰণ৷ প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে লাভ কৰা নাই ৪১মাহে দৰমহা৷





    একেদৰে ৰাজ্যৰ আন আন উন্নয়ন প্ৰাধিকৰণসমূহৰ কৰ্মচাৰীসকলেও লাভ কৰা নাই দৰমহা। সদৌ অসম উন্নয়ন প্ৰাধিকৰণ ঐক্যমঞ্চই বিভিন্ন সময়ত চৰকাৰৰ ওচৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণকে আদি কৰি আন আন দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে গ্ৰহণ কৰা নাই কোনোধৰণৰ ব্যৱস্থা। ১৯৯৫ চনৰ পৰা প্ৰতিখন চৰকাৰে কেৱল আশ্বাসৰ ওপৰত আশ্বাস দি অহাৰ অভিযোগ প্ৰাধিকৰণৰ কৰ্মচাৰীৰ। সেয়ে ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণৰ প্ৰায় ৩০০গৰাকী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ লগতে অনাদায় দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে।