• দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য

    আঞ্চলিক
    দেশত লকডাউন লাগিবই! এইমছৰ মুৰব্বীৰ উদ্বেগজনক মন্তব্য

    নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে সৃষ্টি কৰিছে ব্যাপক উদ্বিগ্নতাৰ। এদিনতে এক লাখৰ ওচৰা-উচৰি আক্ৰান্তৰ তথ্য পোহৰলৈ অহাৰ পাছত দেশৰ স্বাস্থ্য খণ্ডত সংকটৰ ক’লীয়া ডাৱৰৰ সৃষ্টি হৈছে। সংক্ৰমণৰ এই নতুন তৰংগৰ সৈতে মোকাবিলা কৰাৰ বাবে পুনৰ লকডাউন হ’ব পাৰে বুলি গুণাগথা চলি থকাৰ মাজতে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ মুৰব্বীয়ে এইধৰণৰ নতুন পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰকাশ কৰিছে।





    আৰু পঢ়িব পাৰিব : ছাত্ৰী নিৰ্যাতন : ৫ দিনৰ অন্তত এজাহাৰ দাখিল আইআইটি কৰ্তৃপক্ষৰ





    ক্ষুদ্ৰ লকডাউন আৰু ভ্ৰমণত বাধা আৰোপৰ দৰে পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী বুলি প্ৰকাশ কৰিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডাঃ ৰণদ্বীপ গুলেৰিয়াই। তেওঁ কয়, ‘আমি সংক্ৰমিতৰ সংখ্যা হ্ৰাস কৰিবলৈ আগ্ৰাসী ৰূপত কাম কৰিব লাগিব। আমি দেশৰ অৰ্থনীতিত বৃহৎ প্ৰভাৱ নেপোলোৱা পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। জৰুৰী নোহোৱা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব পাৰোঁ। দেশৰ জনগণে নিসন্দেহে তেওঁলোকৰ হলীডে তথা ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিব পাৰে যাৰ জৰিয়তে সংক্ৰমণ হ্ৰাস হোৱাত সহায়ক হ’ব।’





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰাজনীতিৰ মাজতে মহানগৰীত আছুৰ প্ৰতিবাদ





    উল্লেখ্য যে, ক’ভিড সংক্ৰমণে প্ৰতিদিনেই অধিক দ্ৰুত ৰূপ ধাৰণ কৰিছে ভাৰতত। শনিবাৰৰ দিনটোত দেশত ৯৩,২৪৯জন আক্ৰান্ত চিনাক্ত হৈছে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা এতিয়া ১.২৪ কোটিলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰৰ পাছত শনিবাৰৰ দিনটোতে সৰ্বাধিক কৰ’না আক্ৰান্ত চিনাক্ত হয়। দেশজুৰি ৫১৩জন আক্ৰান্তৰ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে। পূৰ্বৰ দৰেই মহাৰাষ্ট্ৰ সংক্ৰমণৰ দিশৰ পৰা শীৰ্ষত আছে। এনে পৰিস্থিতিত দেশৰ শীৰ্ষস্থানীয় চিকিৎসা প্ৰতিষ্ঠানখনৰ পৰা আগবঢ়োৱা আংশিক বা ক্ষুদ্ৰ লকডাউনৰ পৰামৰ্শ কাৰ্যকৰী কৰাটোৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।