• ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল'মিটাৰ পদযাত্ৰা যুৱকৰ

    আঞ্চলিক
    ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল'মিটাৰ পদযাত্ৰা যুৱকৰ

    মৰাণ: নৱবৰ্ষৰ প্ৰথম দিনটোতে এটা যোগাত্মক খবৰ৷ হতাশগ্ৰস্ততা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল'মিটাৰ পদযাত্ৰা ৷ বৰ্তমান সমাজিক ব্যাধি হিচাপে পৰিগণিত হোৱা হতাশগ্ৰস্ততা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে পাঠশালাৰ যুৱক খনিন ৰয়ে লৈছে এই ব্যতিক্ৰমী প্ৰচেষ্টা ৷





    আৰু পঢ়িব পাৰিব : ক’ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ





    পাঠশালাৰ স্বেচ্চাসেৱী সংস্থা 'ব্ৰেইন এণ্ড ফিগাৰ'-ৰ সৌজন্যত যুৱকজনে ৭ ডিচেম্বৰত ধুবুৰীৰ অসম-পশ্চিমবংগ সীমান্তৰ পৰা এই পদযাত্ৰ আৰম্ভ কৰে ৷ দৈনিক গড়ে ৩৫ কিল'মিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰা খনীন ৰয় কালি নিশা মৰাণত উপস্থিত হয় ৷ নিশাটো মৰাণত কটোৱাৰ পাছতে আজি ডিব্ৰুগড় অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে৷ আজি পুৱা মৰাণৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জনায় খনিন ৰয়ক ৷





    আৰু পঢ়িব পাৰিব : স্কুলবেগত পিষ্টল: সহপাঠীৰ গুলীত শ্ৰেণীকোঠাতে ঢলি পৰিল ছাত্ৰ





    এই পদযাত্ৰা শদিয়াৰ অসম-অৰুণাচল সীমান্তত শেষ হ'ব বুলি জানিবলৈ দিয়া খনীন ৰয়ে ২০১৬ বৰ্ষৰ পৰাই হতাশগ্ৰস্ততা আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ এইবাৰ ‘ULTRA HIGH WALKTHON’ নামেৰে অভিহিত কৰা এই সজাগতাৰ জৰিয়তে সমাজৰ হতাশাত ভোগা আৰু নিচাযুক্ত দ্ৰব্য সেৱন কৰা লোকসকলে নতুন জীৱনৰ প্ৰেৰণা লাভ কৰিব বুলি আশাবাদী খনীন ৰয় ৷