ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। গৰুৰ চোৰাং সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান। তাৰ মাজতো আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে পশুধনৰ চোৰাং ব্যৱসায়।
তেনে এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ ভিন্ন স্থানত অভিযান চলাই জব্দ কৰে ১৬ টাকৈ চোৰাং গৰু। লগতে আৰক্ষীয়ে আব্দুল বাতেন মণ্ডল নামৰ এজন চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গৰুৰ বেপাৰীজনৰ ঘৰ গৌৰীপুৰৰ বাঘমাৰাত। আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে ধৃত আব্দুল বাতেন মণ্ডলক।
ইপিনে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জে’ললৈ যোৱা চোৰাং গো-মাফিয়াসকলে জে’লৰ পৰা ওলাই আহি পুনৰ নামি পৰে পশুধনৰ চোৰাং কাৰবাৰত। তেনেক্ষেত্ৰত চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি মন্তব্য কৰে গৌৰীপুৰ আৰক্ষী বিষয়া হিমাক্ষী নাথে।
Leave A Comment