• নগাঁৱত ‘মামা’ৰ গুণ্ডাৰাজঃ থানা চৌহদৰ ভিতৰতেই মহিলাক হত্যাৰ ভাবুকি

    আঞ্চলিক
    নগাঁৱত ‘মামা’ৰ গুণ্ডাৰাজঃ থানা চৌহদৰ ভিতৰতেই মহিলাক হত্যাৰ ভাবুকি

    ডিজিটেল ডেস্ক: নায়কৰ ৰূপত অধিস্থিত হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ জিলাত তাণ্ডৱ সৃষ্টি কৰিছে এগৰাকী দুৰ্ধৰ্ষ অপৰাধীয়ে৷ নিজৰ ভাল কাম, সুস্থ চিন্ত আৰু সদায়ে জনধিতাৰ্থে কাম কৰা আৰক্ষী অধীক্ষককগৰাকীক একপ্ৰকাৰে যেন চেলেঞ্জ কৰিছে ‘মামা’ই৷ থানা চৌহদৰ ভিতৰতেই মামাই মহিলাক দিয়ে হত্যাৰ ভাবুকি। কিন্তু কোন এই ‘মামা’ ? ৰাজ্যৰ জনতাৰ হৃদয় জিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কথা নহয়৷ এইজন ‘মামা’ হৈছে এগৰাকী ড্ৰাগফ মাফিয়া৷ নগাঁৱত ড্ৰাগছ আৰু গুণ্ডাৰাজৰ মূল নায়ক ইফুক কেইদিনমানৰ পূৰ্বে নগাঁৱৰ আৰক্ষী অধীক্ষকে কৰিছিল এনকাউণ্টাৰ। এনকাউণ্টাৰ পাছতো ইফু গুণ্ডাৰ অন্যতম গুণ্ডা ৰাজ ওৰফে মামায়ে নগাঁৱত সাধাৰণ ৰাইজৰ ওপৰত চলাই গৈছে সন্ত্ৰাস।





    বৃহস্পতিবাৰে ইফুৰ সোঁহাত স্বৰূপ ৰাজ ওৰফে মামায়ে নগাঁও সদৰ থানাৰ ভিতৰতেই মহিলাক দিয়ে হত্যাৰ ভাবুকি। অভিযোগ অনুসৰি, ৰাজ ওৰফে 'মামা' য়ে নগাঁৱৰ চিকিৎসালয়ৰ সমীপৰ একাংশ লোকৰ বাসগৃহত প্ৰৱেশ কৰি ধনদাবী কৰিছিল। ধন নিদিলে দিছিল হত্যাৰ ভাবুকিও। মহিলা কেইগৰাকীয়ে মামাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই ইফু গুণ্ডা





    বাহিনীৰ গুণ্ডা ৰাজে মহিলা কেইগৰাকীক গোচৰ উঠাই ল’বলৈ বাধ্য কৰাই আৰু গোচৰ উঠাই নল’লে মহিলা কেইগৰাকীক থানা চৌহদৰ ভিতৰতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে মহিলাকেইগৰাকীয়ে। আনহাতে, ৰাজ ওৰফে মামায়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায় কৰাৰো অভিযোগ কৰিছে মহিলা কেইগৰাকীয়ে। এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ে মামাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।