• নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

    আঞ্চলিক
    নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

    ডবকা : ডবকাৰ মৌডংগাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তাল ডবকা৷ দেৱস্থান উপ-আৰক্ষী চকীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত ৰহস্যজনকভাৱে গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো৷ ৰহিমউদ্দিন নামৰ এজন লোকৰ পুখুৰী পাৰৰ গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ দেৱস্থান আৰক্ষীৰ জিম্মাৰ পৰা নিশা যুৱকজন কেনেকৈ ওলাই আহিল তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ৷





    আৰু পঢ়িব পাৰিব : ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট





    ব্যক্তিজনক নিশা কোনে আৰু কিয় উলিয়াই লৈ গৈছিল, সেয়া বৰ্তমানেও আৰক্ষীয়ে জনোৱা নাই৷ আৰক্ষীৰ মতে, নিশা জামিনত মুক্তি দিয়া হৈছিল যুৱকজনক৷ জামিনদাৰ কোন আছিল, সেয়া প্ৰকাশ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষীৰ মতে প্ৰেমজনিত গোচৰ আছিল যুৱকজনৰ বিৰুদ্ধে৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই হাজাৰ হাজাৰ লোক ওলাই আহি আৰক্ষীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷





    আৰু পঢ়িব পাৰিব : এনচিপিৰ নেতা দিলীপ ৱালছে পাটিলে গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নতুন গৃহমন্ত্ৰীৰ দায়িত্ব





    গছৰ ডালত ৰছীৰে চিপ লৈ থকা অৱস্থাত পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো৷ মৃতদেহটো ডবকা চাংমাজিৰ আব্দুল শ্বহিদৰ বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলীত ডবকা ৰাজহচক্ৰ বিষয়া ডা: টিংকুমণি বৰা উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো৷