• নিশ্চিত হ'ল অখিলৰ নিৰ্বাচন খেলা সমষ্টি : মিত্ৰতাৰ দিশে ৰাইজৰ দল-এজেপি !

    আঞ্চলিক
    নিশ্চিত হ'ল অখিলৰ নিৰ্বাচন খেলা সমষ্টি : মিত্ৰতাৰ দিশে ৰাইজৰ দল-এজেপি !

    গুৱাহাটী : নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ লগতে কেতবোৰ তথ্য লৈ আজি এক সংবাদমেল আৰম্ভ কৰে ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বই৷ ফেব্ৰুৱাৰীৰ শেষৰ ফালে কৃষক নেতা অখিল গগৈয়ে মুক্তি পাব বুলি ৰাইজৰ দল আশাবাদী। উল্লেখ্য যে আগন্তুক নিৰ্বাচনত টিয়ক আৰু শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈয়ে নিৰ্বাচন খেলিব বুলি সংবাদমেলত কয়।





    আৰু পঢ়িব পাৰিব : জঘন্য ! নাবালিকাক পাঁচ দিনত দুবাৰকৈ অপহৰণ-দলবদ্ধ ধৰ্ষণ…





    অখিল গগৈ যদিহে কাৰামুক্ত নহয় তেতিয়া তেওঁ জেলৰ পৰা নিৰ্বাচন খেলিব আৰু অখিল গগৈ বিপুল ভোটত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰিছে। অখিল গগৈ কাৰাগাৰত থাকিলে অখিল গগৈৰ মুক্তি অন্যতম ইচ্ছু হ'ব বুলিও মন সংবাদমেলত।





    আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !





    অসম জাতীয় পৰিষদৰ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ কৰে এই সংবাদমেলৰ জৰিয়তেই৷ অসম জাতীয় পৰিষদৰ নেতৃবৃন্দলৈ ৰাইজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে৷ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই পত্ৰ গ্ৰহণ কৰিছেআৰু খুব কম দিনৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলিও জানিবলৈ দিয়ে।





    আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !





    ইপিনে সকলো বিজেপি বিৰোধী দল এক লগ হ'লে, বিজেপিক পৰাজিত সহজ হ'ব কিন্তু সাম্প্ৰদায়িক শক্তিৰ লগত হলি গলি ন'হব স্পষ্ট কৰে। বিপিএফ দলৰ লগতো কথা বাৰ্তা চলি আছে মিত্ৰতাৰ সন্দৰ্ভত।বিজেপিৰ দৰে এ আই ইউ দি এফে সাম্প্ৰদায়িক শক্তি, কংগ্ৰেছে AIUDF ৰ লগত হলি গলি কৰি আছে, তেনে দলৰ লগতো মিত্ৰতা অসম্ভৱ। যদি কংগ্ৰেছে AIDUF ৰ মিত্ৰতা নকৰে তেওঁৰ লগত মিত্ৰতা হ'বনে নহয় সেয়া আলোচনা হব।