• মুকালমুৱাৰ ভিন্ন প্ৰান্তত বজ্ৰপাত ; থিতাতে এজন নিহত, তিনিজন গুৰুতৰভাৱে আহত

    আঞ্চলিক
    মুকালমুৱাৰ ভিন্ন প্ৰান্তত বজ্ৰপাত ; থিতাতে এজন নিহত, তিনিজন গুৰুতৰভাৱে আহত
    ডিজিটেল ডেস্কঃ মুকালমুৱাৰ ভিন্ন প্ৰান্তত আজি মূষলধাৰ বৰষুণৰ মাজতে বজ্ৰপাতৰ ফলত এজন থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়। 

    মুকালমুৱাৰ খালিহাপাৰা(বৰঢাপ) গাঁৱত বজ্ৰপাত পৰি আনোৱাৰা খাতুন (৪৪) নামৰ মহিলাগৰাকী নিহত হয় আৰু মহিলাগৰাকীৰ স্বামী চাহেদ আলী(৫০) গুৰুতৰভাৱে আহত হয়। ঘৰৰ ওচৰৰ পুখুৰী পাৰত পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰি মহিলাগৰাকী নিহত হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে আহত হয়। আনহাতে বৈঠাভাঙা গাওঁৰ জাহানাৰা বেগম(২৭) আৰু বৰলীয়াৰপাৰৰ আলেকজান বেগম(৩৫) নামৰ মহিলা দুগৰাকীও বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয়। নিহত আনোৱাৰা খাতুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে আহত তিনিওজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।