National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
শিৱসাগৰ : মঙলবাৰে দিনত ডিমৌৰ কৃষ্ণবিহাৰীত দিৰৈ নৈত গা ধুবলৈ আহি সলিল সমাধি ঘটে তিনিজন কিশোৰৰ৷ মঙলবাৰে নিশা স্থানীয় লোকে অভিযান চলাই এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আজি পুৱাৰেপৰা এছ ডি আৰ এফৰ দলে অভিযান চলাই কিছুসময় পূৰ্বে উদ্ধাৰ কৰে আন দুজন কিশোৰৰ মৃতদেহো।
আৰু পঢ়িব পাৰিব : ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত প্ৰায় ১০০জন ! ১৪৪ ধাৰা জাৰি
মৃতদেহ উদ্ধাৰ হোৱা কিশোৰকেইজন ক্ৰমে কৃষ্ণবিহাৰী চানবছাৰ দীপ বাউৰী (১২), চান্দবেচা চুমনিবস্তীৰ আকাশ ভূঞা( ১২) আৰু আনজন ডিব্ৰুগড়ৰপৰা ফুৰিবলৈ অহা জিণ্টু কৰ্মকাৰ( ১০ )।
আৰু পঢ়িব পাৰিব : দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪৪৬ জনৰ
বৰ্তমান জিলা প্ৰশাসনে তিনিওজনৰে মৃতদেহ শোকাকুল পৰিৱেশত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
Leave A Comment