• পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ

    আঞ্চলিক
    পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ

    গুৱাহাটী : দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’নাৰ সংক্ৰমণ৷ বুধবাৰৰ দিনটোত ১৯৫জন লোক নতুনকৈ আক্ৰান্ত হয় কৰ'নাত৷ ইয়াৰে গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ১০৪ জন লোক৷ আনহাতে চিকিৎসাধীন হৈ থকা ৩১জনক বিগত ২৪ঘণ্টাত ক'ভিড মুক্ত বুলি ঘোষণা কৰা হয়৷ এতিয়াও ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮৪৭জন ক'ভিড ৰোগী৷





    আৰু পঢ়িব পাৰিব : মোদীয়ে ল’লে কোভাক্সিনৰ দ্বিতীয়টো ড’জ !





    ইফালে, ক’ভিড ৰোগীৰে ভৰি পৰিছে মহানগৰীৰ কালাপাহাৰৰ হাস্পতাল৷ ৭নৱেম্বৰৰ পৰা এতিয়ালৈ ৮৯৪জনক ভৰ্তি কৰোঁৱা হয় কালাপাহাৰ ক'ভিড হাস্পতালত। হাস্পতালখনত ১৬০খন বিছনাৰ ব্যৱস্থা আছে। বৰ্তমান ১২৯জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে হাস্পতালখনত। আইচিইউৰ ৩৮খন বিছনাৰ পৰিৱৰ্তে আই চি ইউত ১২ জন চিকিৎসাধীন হৈ আছে।





    আৰু পঢ়িব পাৰিব : মই মোৰ দেউতাক বহুত ভাল পাওঁ!প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক





    নতুন ৰোগীক ভৰ্তি কৰাবলৈ বিছনাৰ অভাৱৰ বাবে অধিকাংশ আক্ৰান্তক হোম আইছ’লেচনৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে৷ আনহাতে, ক'ভিড সংক্ৰমণলৈ লক্ষ্য ৰাখি যোৰহাট, শিৱসাগৰ জিলাৰ পাছত এই বিশ্বনাথ জিলাতো জিলা উপায়ুক্তই জাৰি কৰিছে ১৪৪ ধাৰা৷