North East
গুৱাহাটীঃ পেট্র’লৰ দাম বৃদ্ধিয়ে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সাধাৰণ জনতাক মাধমাৰ সোধাইছে। বিশেষকৈ অসমৰ ভিন্নস্থানত পেট্ৰ’লৰ দামে ১০০ টকা অতিক্ৰম কৰিলে। ঢকুৱাখনা, ধেমাজি, লখিমপুৰত হৈছে ১০০ টকা। মাজুলীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৫২ টকা। গুৱাহাটীতো আজি পেট্ৰ’লৰ দাম ৯৭.৪৭ টকা। প্ৰিয়িয়াম পেট্ৰ’লে ইতিমধ্যে অতিক্ৰম কৰিছে ১০০ টকা। পেট্ৰ’ল-ডিজেলৰ অবাধ মূল্যবৃদ্ধিত জৰ্জৰিত হৈছে জনতা। গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৯.২২ টকা।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্নস্থানত প্ৰতিবাদ অব্যাহত আছে। গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটীয়েও দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। পেট্র’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ কংগ্রেছৰ। আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ বাবে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰিৱৰ্তে ভঙাগড় ফ্লাইঅ’ভাৰৰ তলত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছে।
Leave A Comment