International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
ধেমাজিঃ বিগত দুদিন ধৰি চিলাপথাৰ ৰে’ল ষ্টেচনৰ বিহাৰিপট্টীত অচিনাক্ত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। অৰ্ধ উলংগ অৱস্থাত পৰি থকা যুৱকজনৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত থকাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
আৰু পঢ়িব পাৰিব : শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট
ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে এগৰাকী যুৱকৰ মৃতদেহ পৰি থকা বিষয়টোৱে ৰাইজৰ মাজত জটিলতাৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে খবৰৰ ভিত্তিত কালি নিশা আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। যুৱকজন ক’ৰপৰা আহিছিল আৰু কেতিয়া মৃত্যু হ’ল কোনো ব্যক্তি জ্ঞাত নহয়।
আৰু পঢ়িব পাৰিব : মহানগৰীৰ কুমাৰপাৰাৰ সমাজকৰ্মী পৱিত্ৰ ভৰালীৰ দেহাৱসান
আৰক্ষীক খবৰ দিয়াৰ পাছতো মৃতদেহটো ল’বলৈ নহাৰ কাৰণে এনেদৰে পৰি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ৰে’লত অহা কোনোবা যুৱক বুলি ৰাইজে অনুমান কৰিছে।
Leave A Comment