• বনানিকৰণৰ জৰিয়তেও গঢ়িব পাৰি কেৰিয়াৰ, শিক্ষকে দেখুৱালে স্বাৱলম্বিতাৰ নতুন পথ

    আঞ্চলিক
    বনানিকৰণৰ জৰিয়তেও গঢ়িব পাৰি কেৰিয়াৰ, শিক্ষকে দেখুৱালে স্বাৱলম্বিতাৰ নতুন পথ

    ডিজিটেল ডেস্ক : শিক্ষাদানৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত এগৰাকী ব্যক্তি এইবাৰ উজলি উঠিছে আন এক প্ৰশংসনীয় পদক্ষেপৰ জৰিয়তে৷ 'অৰণ্য মানৱ' যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এতিয়া বিভিন্নজন লোকে অৰণ্য গঢ়াৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ এইবাৰ মুছলপুৰৰ এগৰাকী শিক্ষকে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তুলিছে এখন মূল্যৱান গছৰ বাগান৷ শিক্ষিত নিবনুৱাৰ বাবে এক আদৰ্শ দাঙি ধৰিছে শিক্ষকগৰাকীয়ে। বনানীকৰণৰ জৰিয়তেও স্বাৱলম্বী হৈ উঠিব উঠাৰ এই নিদৰ্শন অতুলনীয় বিবেচিত হৈছে৷ তেওঁ বাঁহ বিক্ৰী কৰিও বছৰত লক্ষাধিক টকা উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে৷






    কেৱল, বিদ্যালয়ৰ পৰিসীমাৰ ভিতৰতে আৱদ্ধ নাথাকি নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে এখন সেউজীয়া বননি৷ বাকসাৰ শালবাৰীৰ বৰলা গাঁৱৰ শিক্ষকগৰাকীয়ে দেখুৱাইছে কেনেদৰে বনানিকৰণৰ দ্বাৰাও কৰিব পাৰে উপাৰ্জন৷ বৃত্তিত শিক্ষক দীপাংকৰ দাসে আজিৰ পৰা কেইবছৰমান পূৰ্বে নিজৰ ভূমিত বিশেষ পৰিকল্পনা নকৰাকৈয়ে গমাৰি, চেগুন, মেহেৰগণি, এজাৰ ইত্যাদি গছৰ পুলি ৰোপণ কৰাৰ লগতে কেইবাজোপাও ভিন্ন প্ৰজাতিৰ বাঁহ গছ ৰোপন কৰিছিল৷





    কেৱল নিজৰ প্ৰচেষ্টাতে ১২বিঘাকৈ মাটিত গছপুলি ৰোপণ কৰা দীপাংকৰ দাসৰ পৰিচৰ্যাত দিনৰ পিছত দিন অতিক্ৰম কৰি এতিয়া এখন বনানিৰ ৰূপ লয়৷ দীপাংকৰ দাসে এই বনানিৰ পৰাই খৰি আৰু বাঁহ বিক্ৰী কৰি বছৰত লক্ষাধিক টকা উপাৰ্জন কৰে বুলিও জানিবলৈ দিয়ে৷ কেইবছৰমান পূৰ্বে ৰোপণ কৰা গছপুলিসমূহো এতিয়া ৰূপ লৈছে একোডাল মূল্যবান গছৰ। দীপাংকৰ দাসে ব্যক্ত কৰে, "অসমৰ শিক্ষিত নিবনুৱাসকলে এতিয়া কেৱল চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি ইচ্ছা কৰিলে এনেদৰে গঢ়ি তুলিব পাৰে একোখন বনানী আৰু হৈ উঠিব পাৰে সম্পূৰ্ণ স্বাৱলম্বী৷’