• বলৰ দ্যুতিত থৰকাছুটী হেৰুৱাইছে আম্পায়াৰে! হাতেৰে নহয় দুভৰিৰে ৱাইড ঘোষণা...

    আঞ্চলিক
    বলৰ দ্যুতিত থৰকাছুটী হেৰুৱাইছে আম্পায়াৰে! হাতেৰে নহয় দুভৰিৰে ৱাইড ঘোষণা...

    নতুন দিল্লীঃ ক্ৰিকেটৰ ইতিহাসত সৰু-বৰ বহু ঘটনাপ্ৰবাহে বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ এটা ৱাইড বলক কেন্দ্ৰ কৰি চৰ্চা লাভ কৰা দেখা গৈছে। বিশ্বৰ বহু ক্ৰিকেটাৰে বেটে-বলে অনুৰাগীক ৰোমাঞ্চিত কৰি তোলা সততে দেখিবলৈ পোৱা যায়। পাছে ক্ৰিকেটাৰ সকলৰ উপৰিও এখন খেলৰ সৈতে সংযুক্ত হৈ থকা এনে কিছুসংখ্যক ব্যক্তি আছে যিয়ে সময়ে সময়ে নজিৰ সৃষ্টি কৰা দেখা যায়। তেওঁলোকক লৈ চলে অন্তহীন আলোচনা। ক্ৰিকেট জগতৰ কেইবাজনো আম্পায়াৰ, যাৰ এক সুকীয়া বৈশিষ্ট্য আছে। সেয়া আউট দিয়াৰ ধৰণেই হওক বা ৱাইড দিয়াৰ ভংগী। মুঠতে এক ব্যতিক্ৰমী কাৰচাজি। ডেভিদ শ্বেফাৰ্ডৰ পৰা আদি কৰি বিলি বাউডেনলৈকে, তালিকাত আছে কেইবাজনো তাৰকাৰ নাম। এনে স্ককীয় বৈশিষ্টৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বহুতো আম্পায়াৰে।





    শেহতীয়াকৈ, তেনে এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। হাতৰ সলনি ভৰিৰে ৱাইড দিয়াৰ বিৰল দৃশ্যই সকলোৰে চকু কপালত তুলিছে। ইয়াৰপূৰ্বে কাহানিও এনে দৃশ্য দেখিবলৈ পোৱা নাই বুলিও প্ৰকাশ কৰিছে অনুৰাগীয়ে। এইবাৰ ভাৰততে তেনে এক ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰৰ পুৰন্দৰ প্ৰিমিয়াৰ লীগৰ এখন খেলত এই ঘটনা সংঘটিত হৈছে। ঘটনাটোৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, বলাৰে ৱাইড বল কৰাৰ পাছত আম্পায়াৰে প্ৰথমে দৰ্শকৰ ফালে চায়। তাৰ পাছত হঠাতে তেওঁ মূৰটো তললৈ আৰু ভৰি দুখন ওপৰলৈ তুলি দিয়ে। তাৰ পাছত দুয়োখন ভৰি মেলি ঘোষণা কৰে- ৱাইড। সামাোজিক মাধ্যমত ভিডিঅ'টো প্ৰকাশ কৰা ব্যক্তিজনে সদৰী কৰা মতে, আম্পায়াৰ জনৰ নাম ডি এন ৰক। তেওঁ পূৰ্বে এগৰাকী যোগ প্ৰশিক্ষক আছিল। পৰৱৰ্তী সময়ত তেওঁ আম্পায়াৰিং কৰিবলৈ লয়। ভিডিঅ'টো নেটত ভাইৰেল হোৱাৰ সমান্তৰালকৈ আম্পায়াৰগৰাকীৰ ফিটনেছে প্ৰভাৱিত কৰিছে সকলোকে।