• বিধ্বস্ত গুৱাহাটী: তথাপি ইচ্ছ্যু নাই কংগ্ৰেছৰ হাতত

    আঞ্চলিক
    বিধ্বস্ত গুৱাহাটী: তথাপি ইচ্ছ্যু নাই কংগ্ৰেছৰ হাতত


    ডিজিটেল ডেস্ক: নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰ নিৰ্বাচন৷ স্থানীয় নিগম, নিকায় আৰু পৌৰসভাৰ সদস্য বাছনিৰ বাবে অনুষ্ঠিতব্য এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে৷ পিছ পৰি ৰোৱা নাই কংগ্ৰেছো৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা৷ এই পৰিপ্ৰেক্ষিতত গুৱাহাটী ইণ্ডিয়া ক্লাবত বিশেষ বৈঠক অনুষ্ঠিত হৈ যায় দলটোৰ৷ এই বৈঠকত নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ পূৰ্বে গঠন কৰি দিয়া ৮৪ জনীয়া অধ্যক্ষৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন মিলিত হয়৷





    প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৌৰসভাৰ নিৰ্বাচন হ’ব লাগে বুলি মন্তব্য কৰে৷ নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে ৮৪টা পৌৰ এলেকাত বিষয়া নিযুক্তি দিছে কংগ্ৰেছে৷ আনহাতে, বিজেপিয়ে পৌৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে৷
    পৌৰ নিৰ্বাচনৰ প্ৰসংগ আহি পৰাৰ লগে লগে ভোটাৰৰ মাজতো আৰম্ভ হৈছে নিৰ্বাচনী গুণাগথা৷ গুৱাহাটীৰ পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু দিছপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন৷ বৰ্তমান এই তিনিটা সমষ্টিৰ দুটা বিজেপিৰ আৰু এটা অগপৰ দখলত আছে৷ পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পূব গুৱাহাটী সমষ্টিত বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰ সমষ্টিত অতুল বৰা বিধায়ক হৈ আছে৷





    ইয়াৰে এটা সমষ্টি অগপৰ দখলত আছে যদিও তাত অগপৰ সাংগঠনিক ভেটি দুৰ্বল৷ বিজেপিৰ অক্সিজেন লৈহে সমষ্টিটোত জয়লাভ কৰি আহিছে কলিতাই৷ বাকীকেইটা সমষ্টিত অগপশূন্য৷ বিজেপিৰ দখলত থকা সমষ্টিকেইটাত শক্তিশালী নহয় কংগ্ৰেছৰো ভেটি৷ বিজেপিৰ আগ্ৰাসী দৃষ্টিভংগীৰ বিপৰীতে কংগ্ৰেছ দিনে দিনে ৰাইজৰ পৰা আঁতৰি গৈ থকা বুলি একাংশ ভোটাৰে মন্তব্য কৰিছে৷ পৌৰ নিৰ্বাচনৰ সময়ত বিৰোধী কংগ্ৰেছ দলৰ সন্মুখত ৰাইজৰ কাষ চাপিবলৈ বহুকেইটা জ্বলন্ত বিষয়ৰ ইচ্ছ্যু আছে৷ মহানগৰীৰ দুটা মূল সমস্যা হ’ল কৃত্ৰিম বান আৰু জলসংকট৷ দুটা বিপৰীতমুখী সমস্যাই বছৰজুৰি জুৰুলা কৰি ৰাখে মহানগৰবাসীক৷ বাৰিষা কৃত্ৰিম বানে ত্ৰাহি মধুসূদন সোঁৱৰাই মহানগৰবাসীক, একেদৰে খৰালি পানীৰ অভাৱত ভুগে মহানগৰবাসী৷ শীতৰ এই সময়ছোৱাত মহানগৰীৰ কেইবাটাও প্ৰান্তত খোৱাপানীৰ সংকটে দেখা দিছে৷ খোৱাপানী সংগ্ৰহ কৰিবলৈ দূৰৈৰ নদ-নদীলৈ গৈ শাৰী পাতিছে মহানগৰবাসীয়ে৷ একেদৰে, কৃত্ৰিম বানেও জুৰুলা কৰে মহানগৰবাসীক৷





    লগতে, চৰকাৰী পানীযোগান আঁচনিৰ বাবে পৌৰসভাক বছৰি কৰ দিয়ো পানীৰ পৰা বঞ্চিত হৈ আছে মহানগৰবাসী৷ গুৱাহাটীত মাহেকে-বছৰেকে ফুট অ’ভাৰ ব্ৰীজ অথবা উৰণ সেতু নিৰ্মাণ হ’বলৈ লৈছে৷ তথাপিতো, ট্ৰেফিক জামৰ পৰা হাত সাৰিব পৰা নাই মহানগৰবাসীয়ে৷ উপযুক্ত পৰিকল্পনা অবিহনে যধে-মধে কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰি গৈছে চৰকাৰে৷ এইবোৰ বিষয়ক লৈ ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক ৰাইজৰ লগত দেখিবলৈ পোৱা যোৱা নাই৷ বৰ্তমান বিজেপিৰ নেতৃত্ব আৰু হৰ্তা-কৰ্তা-বিধাতাসকলেই এসময়ত কংগ্ৰেছ দলটোৰো চাবিকাঠী আছিল৷





    এতিয়া বিজেপিত পুৰণি কংগ্ৰেছীৰেই ভিৰ৷ কংগ্ৰেছৰ ৰৈ যোৱা নেতাসকলৰ আকৌ জনসম্পৰ্কহীনতাই দলটোক আৰু অধিক দুৰ্বল কৰি তুলিছে৷ অলপতে গুৱাহাটীৰ জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল৷ ৰবীন বৰদলৈৰ আজিকালি সাংগঠনিক কাৰ্য-কলাপ দেখিবলৈ পোৱা নাযায়৷ প্ৰেক্ষাপটত নাই প্ৰাক্তন মন্ত্ৰী অকণ বৰাও৷ কংগ্ৰেছৰ অন্যতম মুখপাত্ৰ ববিতা শৰ্মাৰ ৰাইজৰ লগত সম্পৰ্ক নাই৷ ৰাইজৰ মনৰ কথাবোৰক প্ৰতিনিধিত্ব কৰাত এইসকল নেতা ব্যৰ্থ হোৱা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে ক’ব খোজে৷ এনে গতিত থাকিলে পৌৰ নিৰ্বাচনতো যে দলটো আকৌ এবাৰ শলঠেকত পৰিব, তাত কোনো সন্দেহ নাই৷