আঞ্চলিক
ডিজিটেল ডেস্কঃ আলফাৰ নামত ধনসংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে দুজনকৈ লোক। দুয়োগৰাকী অভিযুক্তই সম্পৰ্কত মামা-ভাগিন। তেজপুৰৰ চানমাৰিৰ বাসিন্দা তথা কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ এগৰাকী সক্ৰিয় সদস্য ৰঞ্জিত মহন্ত ওৰফে সোণা।
কেএমএছএছৰ এইগৰাকী সদস্যই বিগত তিনি বছৰে তেজপুৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ ১২গৰাকী ব্যৱসায়ীৰ পৰা আলফাৰ নামত প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকা সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিছে। বালিপৰাৰ বাসিন্দা তথা ভাগিন মলয় গোস্বামীৰ সহযোগত অতি কৌশলৰে এই ধন সংগ্ৰহ কৰিছিল। ৩/৪খন কলিকতাৰ মোবাইল ছিম কাৰ্ড ব্যৱহাৰ কৰি কেৱল মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীসকলক টাৰ্গেট কৰি আলফাৰ নামত ধন সংগ্ৰহৰ কাৰ্য চলাই আহিছিল। শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এক সংবাদমেলত সদৰী কৰি কয় যে, প্ৰায় ডেৰ মাহে এই দুই প্ৰৱঞ্চকৰ tower dump আৰু CDR নিৰীক্ষণ কৰি তেওঁলোকৰ বিৰুদ্ধে সকলো প্ৰমাণ পোৱাত সোমবাৰে আৰক্ষীয়ে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ৰঞ্জিত মহন্তৰ ঘৰৰ পৰা তিনিটা মোবাইল ফোন, বেংকৰ পাচবুকৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আলোচনী উদ্ধাৰ কৰিছে। তেজপুৰ আৰক্ষীয়ে 2283/21 নম্বৰৰ গোচৰৰ ভিত্তিত 120(B)/387(IPC)/R /W10/13 UAP ধাৰাৰ অধীনত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰি অনুসন্ধান চলাই আছে।
Leave A Comment