• বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজৰ উছাহ

    আঞ্চলিক
    বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজৰ উছাহ

    বিজনী : শীতৰ আগমনৰ লগে লগে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভৰি পৰিছে বনভোজকাৰী দলেৰে। অভিলেখ সংখ্যক বনভোজকাৰীৰে লোকাৰণ্য হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিৰ বনভোজস্থলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সৰু-বৰ গাড়ীৰে মানাহলৈ সোঁত বৈছে পৰ্যটকৰ লগতে হাজাৰ হাজাৰ বনভোজকাৰীৰ।





    আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনতে অসম আৰক্ষীত ব্যাপক সালসলনি





    মানাহৰ সেউজীয়া পৰিৱেশৰ মাজত জীপ ছাফাৰী, হাতী ছাফাৰী আদিৰ বিভিন্নজনে আনন্দ উপভোগ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি ছেল্ফী লোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে।





    আৰু পঢ়িব পাৰিব : আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ





    ইফালে, নাৰায়ণগুৰিৰ বনভোজস্থলীত মানাহ পিকনিক পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বনভোজকাৰীসকলৰ বাবে পাৰ্কী, ছাফ-চিকুন আদি কেতবোৰ বিশেষ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। আজি ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কালিমা লগা ২০২০বৰ্ষৰ স্মৃতি ৰোমন্থন কৰি চলিত বৰ্ষত সকলোৰে মংগল কামনা কৰে।