• বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

    আঞ্চলিক
    বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

    গুৱাহাটীঃ ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱান বাবলু ৰাভাক আজি সামৰিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা হয়৷ ছত্তীশগড়ৰ বিজাপুৰৰ চিআৰপিএফৰ কোব্ৰা বেটেলিয়নৰ জোৱানগৰাকীৰ নিথৰ দেহ আজি পুৱাই স্ব-গৃহলৈ অনাৰ লগে লগে অগণন লোকে দামৰাৰ পাতপাৰাৰ বাসগৃহত ভিৰ কৰেহি৷ ৰাভাৰ শেষকৃতত উপস্থিত থকা ৰাইজৰ দাবী যে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ হওক ভাৰত চৰকাৰ তথা প্ৰশাসন।





    আৰু পঢ়িব পাৰিব : কাইলৈ ৪০ সমষ্টিৰ ৩৩৭ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা





    লগতে মাওবাদী নিপাত যাওক বুলি ৰাইজৰ প্ৰাৰ্থনা! আনহাতে অতি সাহসী বাবলু ৰাভাৰ বীৰত্বক ছ্যেলুট জনায় দুধনৈবাসীয়ে৷ বাসগৃহত পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল-সংগঠন আৰু ৰাইজে শ্ৰদ্ধাঞ্জলি জনায় জোৱানজনক৷ আনহাতে সমদল কৰি দামৰা ৰাজহুৱা শ্মশানলৈ শেষকৃত সম্পন্ন কৰাৰ বাবে লৈ যোৱা হয় জোৱানজনক। উল্লেখ্য যে, বাবলু ৰাভাই হৈছে দুধনৈৰ প্ৰথমগৰাকী শ্বহীদ৷ বাবলু ৰাভাই ২০০৯ চনত চিআৰপিএফত যোগদান কৰিছিল৷ আৰু ২০১৫ চনত তাৰ পৰা কোব্ৰা বেটেলিয়নত যোগ দিছিল।






    ৰাভাই কোব্ৰা বেটেলিয়নত যোগ দি প্ৰশিক্ষণ গ্ৰহণ কৰি মেঘালয়ৰ দায়নাডুবীৰ ছাউনীত ডেৰ বছৰকাল থাকি গাৰো উগ্ৰপন্থীৰ বিৰুদ্ধে চলা অভিযানতো বীৰদৰ্পে জপিয়াই পৰিছিল। মৃত্যুৰ সময়ত জোৱানগৰাকীয়ে ইহসংসাৰত এৰি থৈ যায় মাতৃ, পত্নী আৰু একমাত্ৰ সাত বছৰীয়া কন্যা সন্তানক৷





    আৰু পঢ়িব পাৰিব : অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান





    আনহাতে চিআৰপিএফত যোগদান কৰাৰ পূৰ্বে বাবলু ৰাভা ‘দামৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা’ৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। ইফালে এগৰাকী সুদক্ষ খেলুৱৈও হিচাপেও ৰাভাৰ এক পৰিচয় আছিল৷ বিগত নৱেম্বৰ মাহতে পৰিয়ালৰ সৈতে শেষ দেখা-দেখি হৈছিল জোৱানগৰাকীৰ৷ দেওবাৰে বিহুৰ বাবে ছুটী লৈ ঘৰলৈ অহাৰ কথা আছিল তেওঁৰ!