Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
বৰপেটাঃ বৰপেটাৰ কৃষিজাত আৰু থলুৱা হস্তশিল্পৰ সামগ্ৰী ৰপ্তানিৰে বিদেশৰ বজাৰ দখলৰ পৰিকল্পনা কৰিছে বৰপেটা জিলা প্ৰশাসন আৰু ঔদ্যোগিক নিগমে৷ ৰাজ্যৰ কৃষক আৰু হস্তশিল্পীৰ উৎপাদিত সামগ্ৰী কিদৰে বিদেশলৈ ৰপ্তানি কৰিব পাৰি, সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটাৰ ‘অফিচাৰ্ছ ক্লাব’ত অনুষ্ঠিত হয় এখনি ৰপ্তানি সন্মিলন। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটাৰ জিলা প্ৰশাসন আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনত জিলাখনৰ কৃষক আৰু থলুৱা হস্তশিল্পীসকলে অংশগ্ৰহণ কৰি বিদেশৰ বজাৰলৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা অৰ্জনৰ কথা অৱগত কৰে৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, “ইতিমধ্যে বৰপেটাৰ কাজি নেমুই ব্ৰিটেইনৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ তাৰোপৰি, সৰ্থেবাৰীৰ কাহ-পিতলৰ সামগ্ৰী, বৰপেটাৰ বাঁহশিল্প, তামোলৰ ঢকুৱাৰ প্লেটে দেশৰ সীমা অতিক্ৰম কৰি বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, বৰপেটাৰ তামোলৰ ঢকুৱাৰ প্লেট ইংলেণ্ড, অষ্ট্ৰেলিয়া, জাপান আদি দেশলৈ নিয়মীয়াকৈ ৰপ্তানি হয়।”
ৰপ্তানি সন্মিলন উপলক্ষে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক ৰিতুমণি পাচানীয়ে পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে ৰপ্তানি বাণিজ্যৰ বিভিন্ন সম্ভাৱনা আৰু সুযোগ-সুবিধাৰ বিষয়ে উল্লেখ কৰে। সভাত থলুৱা ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত কেইবাজনো উদ্যোগীয়ে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ভাষণ প্ৰসংগত ব্যক্ত কৰে।
Leave A Comment