• ভুক্তভোগী ছাত্ৰীক সোধা-পোছা : মুখ খোলা নাই তদন্তকাৰী আৰক্ষী বিষয়াই

    আঞ্চলিক
    ভুক্তভোগী ছাত্ৰীক সোধা-পোছা : মুখ খোলা নাই তদন্তকাৰী আৰক্ষী বিষয়াই

    ডিব্ৰুগড় : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিএছচি নাৰ্ছিং কলেজত আজি উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী। ছাত্ৰীক অশালীন আচৰণ কৰা ঘটনাত এগৰাকী আৰক্ষী বিষয়াই সহযোগ নকৰাৰ সন্দৰ্ভত তদন্ত কৰা হয়। ছ’চিয়েল মিডিয়াত ডিব্ৰুগড় আৰক্ষীক ধিক্কাৰ দিছিল ছাত্ৰীগৰাকীয়ে। অসম আৰক্ষীৰ ঊৰ্ধ্বতম মহলৰ নিৰ্দেশত তদন্ত কৰিবলৈ বাধ্য হ’ল ডিব্ৰুগড় আৰক্ষী। ভুক্তভোগী ছাত্ৰীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।





    অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত বিএছচি নাৰ্ছিং কলেজৰ বাৰ্বী বৰুৱা নামৰ ছাত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত বজাৰ কৰি তিনিচকীয়া যাত্ৰীবাহী বাহনেৰে উভতিছিল বি এছ চি ছাত্ৰীৱাসলৈ। এএমচিৰ প্ৰৱেশদ্বাৰ নোপোৱাৰ আগতে ছাত্ৰীগৰাকীক এজন যুৱকে অশালীন আচৰণ কৰাৰ লগতে শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে এএমচিএইচৰ চৌহদৰ সন্মুখত যুৱকজনক দুটাকৈ প্ৰচণ্ড চৰ শোধোৱাত যুৱকজন পলায়ন কৰে। সেই সময়তে যুৱকজনক কৰায়ত্ত কৰিবলৈ AMCHৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে এগৰাকী আৰক্ষী বিষয়াৰ সহায় বিচাৰে ছাত্ৰীগৰাকী। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে ছাত্ৰীগৰাকীক সহায়ৰ পৰিৱৰ্তে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে।





    সমগ্ৰ ঘটনা সন্দৰ্ভত বিএছচিনাৰ্ছিং কলেজ কৰ্তৃপক্ষই ৰহস্যজনকভাৱে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে। আনকি ভুক্তভোগী ছাত্ৰীগৰাকীক সংবাদ মাধ্যমৰ মুখামুখী হ’বলৈও অনুমতি প্ৰদান নকৰিলে কলেজ কৰ্তৃপক্ষই। ইফালে ঘটনাৰ তদন্তৰ সন্দৰ্ভত মুখ খোলা নাই তদন্তকাৰী আৰক্ষী বিষয়াই। সংবাদ মাধ্যমৰ সন্মুখত কোনোধৰণৰ মন্তব্যৰ দিয়াৰ পৰা বিৰত থাকে। ঘটনাটোক একমুখে গৰিহণা দিছে আছু আৰু সদৌ অসম নাৰ্ছ সন্থাই।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor