• ভূমিকেন্দ্ৰিক বিবাদত ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ

    আঞ্চলিক
    ভূমিকেন্দ্ৰিক বিবাদত ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ

    বৰপেটাৰোডঃ বৰপেটাৰ বৰবালাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। ভূমিবিবাদক কেন্দ্ৰ কৰি মোমায়েক-ভাগিনৰ মাজত সৃষ্টি হয় সংঘাতৰ। উক্ত সংঘাতৰ ফলত ভাগিনৰ হাতত প্ৰাণ গৈছে মোমায়েকৰ। হত্যাকাণ্ডত গফুৰ তালুকদাৰ নামৰ এজন ব্যক্তি নিহত হয়। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা নামৰ গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি বৰবালা গাঁৱৰ গফুৰ তালুকদাৰ আৰু নিজ ভনী জোৱাই মোকাৰম মিঞাৰ মাজত দীৰ্ঘদিন ধৰিমাটিৰ সীমাক লৈ চলি আছিল বিবাদ।





    আৰু পঢ়িব পাৰিব: কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ’না ভাইৰাছত





    কালি পুৱাৰ ভাগতে এই বিবাদক লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ মাজতে মোকাৰম মিঞাৰ পুত্র তথা মৃত্যুক সাৱটি লোৱা গফুৰ তালুকদাৰৰ ভাগিন ছানিদুলে বাহৰ লাঠিৰে মোমায়েকৰ অৰ্থাৎ গফুৰৰ মূৰৰ উপৰ্যুপৰি আক্ৰমণ চলায়। ফলত ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় মোমায়েক গফুৰ তালুকদাৰে। ঘটনাৰ পাছতে গাঁৱৰ একাংশ লোকক লগত লৈ স্থানীয় আৰক্ষীক খবৰ নিদিয়াকৈ মৃত লোকজনক বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰোৱা হয়। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বিয়লি মৃত গফুৰৰ নশ্বৰদেহ গোপনে শেষকৃত সম্পন্ন কৰাৰ চেষ্টা চলাইছিল যদিও স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।





    আৰু পঢ়িব পাৰিব: দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২





    পাছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একাংশ স্থানীয় লোকে হাউলী আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাসহ আৰক্ষীৰ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। ইপিনে হত্যাকাণ্ডৰ লগত জড়িত মোকাৰম মিঞা অৰু তেওঁৰ দুই পুত্র ছানিদুল আৰু ৰাশিদুলে আৰক্ষীক দেখা পায় পলায়ন কৰে। সম্প্ৰতি আৰক্ষী হত্যাকাণ্ডৰ লগত জড়িত আটাই কেইগৰাকী অভিযুক্ত বিচাৰি তদন্ত আৰম্ভ কৰিছে।