Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
ধুবুৰীঃ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে বৰ্তমানেও অব্যাহত আছে গৰুৰ ভয়াৱহ চোৰাং ব্যৱসায়। বানপানীৰ সুযোগ লৈ নদীপথ আৰু চৰাঞ্চলেৰ উন্মুক্ত সীমান্তৰে প্ৰতিনিশাই পাৰ কৰা হৈছে জাকে জাকে চোৰাং গৰু।
আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেট চক্ৰই চলাই গৈছে গৰুৰ চোৰাং সৰবৰাহ। কালি নিশা তেনে এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলায় সীমান্ত অঞ্চলৰ নদীপথ আৰু চৰাঞ্চলত।
ধুবুৰীৰ কাইম ভাষাণী চৰৰ পৰা ৯টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ৯টাকৈ থলুৱা জাতৰ গৰু ধুবুৰীৰ মতিৰচৰৰ পৰা কাইম ভাষাণীৰ চৰ হৈ মছলাপাৰা লৈ নিয়াৰ সময়তেই আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা। অৱশ্যে চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। উল্লেখ্য যে, দীর্ঘদিনে ধুবুৰীৰ ভাৰত-বাংলাৰ উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত আছে। অৱশ্যে ধুবুৰীৰ সীমান্তৰে পূৰ্বৰ দৰে গৰুৰ চোৰাং ব্যৱসায় চলা নাই বুলি দাবী কৰিছে ধুবুৰী আৰক্ষীয়ে।
Leave A Comment