Regional
লখিমপুৰ : ৰাজ্যৰ কৰ'নাৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়ালৈ সম্পূৰ্ণৰূপে সংক্ৰমণ মুক্ত হোৱা নাই ৰাজ্য। কিন্তু একাংশ লোকে ক' ভিড বিধি পালন কৰা, বিশেষকৈ মাস্ক আদি পৰিধান কৰাৰ ক্ষেত্ৰত বহুতেই গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷ মাস্ক পৰিধান নকৰাৰ বাবেই এইবাৰ লখিমপুৰৰ নাওবৈচাত ৰোগী আৰু চিকিৎসকৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ৷
জানিব পৰা মতে, চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাতৃক মৰিয়াই-গতিয়াই চিকিৎসালয়ৰ পৰা বাহিৰ কৰি দিলে মহিলা চিকিৎসকে৷ ৰোগীৰ আত্মীয়লৈ টুল দলিয়াই আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগো উত্থাপন হৈছে৷ লখিমপুৰ জিলাৰ নাওবৈচাৰ গড়চিগা ৰাজ্যিক চিকিৎসালয়ত মহিলা চিকিৎসক মমতা যাদৱৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে চিকিৎসাৰ বাবে যোৱা এগৰাকী ৰোগীৰ মাতৃয়ে৷
ৰোগাক্ৰান্ত কন্যাক চিকিৎসাৰ বাবে লৈ যোৱা মাতৃগৰাকীয়ে মাস্ক নিপিন্ধাৰ বাবেই চিকিৎসা কৰাৰ সলনি মৰিয়াই, গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে৷ সেই সময় চোৱাত ডাক্তৰ মমতা যাদবেও মাক্স পৰিধান কৰা নাছিল বুলি অভিযোগ উঠিছে৷ চিকিৎসকৰ এনে দুৰ্ব্যৱহাৰৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Leave A Comment